🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › আন্তঃৰাষ্ট্ৰীয় › বাংলাদেশলৈ উভতি যোৱাৰ প্ৰস্তুতি শ্বেখ হাছিনাৰ, ...
আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশলৈ উভতি যোৱাৰ প্ৰস্তুতি শ্বেখ হাছিনাৰ, নতুন পাছপ’ৰ্টৰ বাবে আবেদন

দিল্লীস্থিত বাংলাদেশ দূতাবাসলৈ আইনী প্ৰতিনিধিৰ পত্ৰ; প্ৰত্যৰ্পণৰ দাবীত অটল ঢাকা

বাংলাদেশলৈ উভতি যোৱাৰ প্ৰস্তুতি শ্বেখ হাছিনাৰ, নতুন পাছপ’ৰ্টৰ বাবে আবেদন

অসম জাতিৰ খবৰ, ৯ নৱেম্বৰঃ

ভাৰতত থকা বাংলাদেশৰ ক্ষমতাচ্যুত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ বিচাৰি দিল্লীস্থিত বাংলাদেশ দূতাবাসৰ কাষ চাপিছে। অহা ডিচেম্বৰ মাহত বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনাৰ মাজতে এই পদক্ষেপে নতুন চৰ্চাৰ সৃষ্টি কৰিছে।

ৰয়টাৰৰ বাতৰি অনুসৰি, লণ্ডনস্থিত মেট্ৰিক্স চেম্বাৰ্ছৰ অধিবক্তাসকলে বাংলাদেশ দূতাবাসৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত প্ৰীতি ৰহমানলৈ এখন পত্ৰ প্ৰেৰণ কৰি হাছিনাৰ বাংলাদেশী নাগৰিকত্বৰ ভিত্তিত নতুন ভ্ৰমণ আৰু পৰিচয় সম্পৰ্কীয় নথি-পত্ৰ প্ৰদানৰ অনুৰোধ জনাইছে। ২০২৪ চনৰ আগষ্ট মাহত ছাত্ৰ-নেতৃত্বাধীন আন্দোলনৰ পৰিপ্ৰেক্ষিতত দেশ এৰি ভাৰতলৈ অহাৰ পাছত এইটোৱেই হাছিনাৰ প্ৰথম আনুষ্ঠানিক যোগাযোগ বুলি বাতৰিটোত উল্লেখ কৰা হৈছে।

ইপিনে, বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হুমায়ুন কবিৰে হাছিনাক নতুন পাছপ’ৰ্ট দিয়াৰ পৰিৱৰ্তে ভাৰতৰ পৰা প্ৰত্যৰ্পণ কৰাৰ দাবী জনাইছে। বাংলাদেশ আৰু ভাৰতৰ মাজত প্ৰত্যৰ্পণ চুক্তি কাৰ্যকৰী হৈ থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিদ্যমান চুক্তিৰ ব্যৱস্থাৰ জৰিয়তে হাছিনাক বাংলাদেশলৈ ঘূৰাই অনা উচিত।

বাংলাদেশ চৰকাৰে হাছিনাক প্ৰত্যৰ্পণৰ দাবীত অটল থকাৰ সময়তে নতুন ভ্ৰমণ নথিৰ বাবে কৰা আবেদনক লৈ দুয়োখন দেশৰ মাজত কূটনৈতিক চৰ্চা অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। অৱশ্যে হাছিনাৰ আবেদন গ্ৰহণ কৰা হ’ব নে নহয়, সেই সন্দৰ্ভত এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্তৰ কথা প্ৰকাশ পোৱা নাই।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

আন্তঃৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ