চীনা গুপ্তচৰৰ সৈতে সম্পৰ্কৰ অভিযোগ, এনভিডিয়াৰ তদন্ত আৰম্ভ
পত্নীৰ প্ৰতি অবিশ্বাসৰ কথা স্বীকাৰ কৰি ক্ষমা বিচাৰিলে জেনছেন হুয়াঙে; কৰ্মচাৰীলৈ ই-মেইল প্ৰেৰণ
অসম জাতিৰ খবৰ, ৯ নৱেম্বৰঃ
বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠান এনভিডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া জেনছেন হুয়াঙে এগৰাকী চীনা ব্যৱসায়িক মহিলাৰ সৈতে ব্যক্তিগত সম্পৰ্কৰ অভিযোগক লৈ চৰ্চাৰ মাজতে পত্নীৰ প্ৰতি অবিশ্বাস কৰাৰ কথা স্বীকাৰ কৰিছে। ৬৩ বছৰীয়া হুয়াঙে নিজৰ কাৰ্যৰ বাবে পত্নী লৰি হুয়াং আৰু সন্তানসকলৰ ওচৰত ক্ষমা বিচাৰিছে। ইফালে, তেওঁক লক্ষ্য কৰি চীনৰ এগৰাকী সন্দেহযুক্ত গুপ্তচৰে তথ্য সংগ্ৰহ কৰাৰ অভিযোগৰ সন্দৰ্ভত এনভিডিয়াই স্বতন্ত্ৰ তদন্ত আৰম্ভ কৰিছে।
কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰা এটা ই-মেইলত হুয়াঙে কয় যে তেওঁ পত্নীৰ প্ৰতি অবিশ্বাস কৰিছে আৰু তেওঁৰ কাৰ্যই পৰিয়ালক আঘাত দিছে। নিজৰ কাৰ্যৰ কোনো অজুহাত নাই বুলি উল্লেখ কৰি তেওঁ গভীৰ দুখ প্ৰকাশ কৰে।
প্ৰকাশিত অভিযোগ অনুসৰি, জেনছেন হুয়াঙৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলা এগৰাকী চীনা ব্যৱসায়িক মহিলাই গোপনে বেইজিঙৰ বাবে তথ্য সংগ্ৰহ কৰিছিল বুলি সন্দেহ কৰা হৈছে। মহিলাগৰাকীক এলিছ হুয়াং বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ প্ৰকৃত নাম হুয়াং লে বুলি বাতৰিত উল্লেখ কৰা হৈছে। একে উপাধি হ’লেও তেওঁৰ সৈতে জেনছেন হুয়াঙৰ কোনো পাৰিবাৰিক সম্পৰ্ক নাই বুলি প্ৰকাশ পাইছে।
এলিছ হুয়াং ছিংগাপুৰস্থিত তথ্যকেন্দ্ৰ সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান মেগাস্পীডৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে। এই অভিযোগসমূহৰ পৰিপ্ৰেক্ষিতত এনভিডিয়াই বিষয়টোৰ সকলো দিশ পৰীক্ষা কৰিবলৈ স্বতন্ত্ৰ তদন্তৰ ব্যৱস্থা কৰিছে।
উল্লেখ্য যে, চীনৰ সৈতে সম্ভাব্য চোৰাংচোৱা সম্পৰ্কৰ অভিযোগ এতিয়াও তদন্তাধীন। এই পৰ্যায়ত এলিছ হুয়াঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত হোৱা বুলি ক’ব পৰা নাযায়।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
আন্তঃৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ
আন্তঃৰাষ্ট্ৰীয়
বাংলাদেশলৈ উভতি যোৱাৰ প্ৰস্তুতি শ্বেখ হাছিনাৰ, নতুন পাছপ’ৰ্টৰ বাবে আবেদন
আন্তঃৰাষ্ট্ৰীয়
পাকিস্তানৰ কৰাচীৰ সমীপত সাগৰীয় অভিযানৰ প্ৰশিক্ষণ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীৰ
আন্তঃৰাষ্ট্ৰীয়