যোৰাবাটত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল যাত্ৰীবাহী বাছ, ৩জন গুৰুতৰভাৱে আহত
দুলীয়াজানৰ পৰা গুৱাহাটী অভিমুখী নিশাৰ বাছখন দুৰ্ঘটনাগ্ৰস্ত; আহতসকলক জিএমচিএইচত ভৰ্তি।
অসম জাতিৰ খবৰ, যোৰাবাট, ৫ নৱেম্বৰঃ অসমৰ যোৰাবাটত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুলীয়াজানৰ পৰা গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী বাছ বাগৰি পৰাৰ ফলত কেইবাজনো যাত্ৰী আহত হয়। ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
দীপ ট্ৰেভেলছৰ এ আৰ ০১ এম ৭৯৪৭ নম্বৰৰ নিশাৰ বাছখন গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত চালকে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত ঘাইপথতে বাগৰি পৰে বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে যোৰাবাট যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে আহত যাত্ৰীসকলক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।
দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ আৰু আহতসকলৰ শেহতীয়া স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত অধিক তথ্য এতিয়াও জানিব পৰা হোৱা নাই।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।