২০৪৭ চনৰ ভিতৰত ভাৰতৰ জিডিপিত মিজোৰামৰ অৱদান ১ শতাংশ কৰাৰ লক্ষ্য
মূৰাপিছু আয় ১৬ লাখ টকালৈ বৃদ্ধিৰ পৰিকল্পনা মুখ্যমন্ত্ৰী লালডুহোমাৰ; যুৱ উদ্যোগীসকলক চৰকাৰী আঁচনিৰ সুবিধা ল’বলৈ আহ্বান।
অসম জাতিৰ খবৰ, আইজল, ৪ নৱেম্বৰঃ
২০৪৭ চনৰ ভিতৰত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ত মিজোৰামৰ অৱদান বৰ্তমানৰ ০.১ শতাংশৰ পৰা ১ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে। একে সময়তে ৰাজ্যখনৰ মূৰাপূৰি আয় ১৬ লাখ টকালৈ উন্নীত কৰাৰ পৰিকল্পনাও গ্ৰহণ কৰা হৈছে। ৩ নৱেম্বৰত মুখ্যমন্ত্ৰী লালডুহোমাই এই কথা প্ৰকাশ কৰে।
আইজলত মিজোৰাম এণ্টাৰপ্ৰেনিউৰ্ছ চেম্বাৰৰ উদ্যোগত অনুষ্ঠিত যুৱ উদ্যোগী সন্মিলন ২০২৬ত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২০৪৭ চনৰ লক্ষ্যৰে ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে কাম কৰি আছে।
তেওঁ উল্লেখ কৰে যে ভাৰতৰ মুঠ জনসংখ্যাৰ প্ৰায় ০.৯ শতাংশ মিজোৰামৰ হ’লেও ৰাষ্ট্ৰীয় জিডিপিত ৰাজ্যখনৰ অৱদান মাত্ৰ ০.১ শতাংশ। এই অৱদান অহা দুটা দশকত দহগুণ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে।
কৃষকসকলক উৎপাদিত সামগ্ৰীৰ সমৰ্থন মূল্য প্ৰদান, শস্য আৰু পশুধনৰ বীমা ব্যৱস্থা আদি পদক্ষেপৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ পৰাই এই লক্ষ্য পূৰণৰ কাম আৰম্ভ কৰা হৈছে বুলি তেওঁ জনায়।
ৰাজ্য চৰকাৰৰ ‘বানা কাইহ’ আঁচনিৰ অধীনত মুখ্যমন্ত্ৰীৰ বিশেষ পেকেজৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ বা সম্প্ৰসাৰণ কৰিব বিচৰা লোকসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। বৃহৎ উদ্যোগৰ বাবেও পৃথক ঋণৰ ব্যৱস্থা আছে বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।
উদ্যোগীসকলক উৎসাহিত কৰিবলৈ উদ্ভাৱন কেন্দ্ৰ, উদ্ভাৱন বঁটা, ভেঞ্চাৰ কেপিটেল ফাণ্ড আৰু মিজোৰাম ষ্টাৰ্ট-আপ মিছনৰ দৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে। লগতে স্থানীয় কৃষিজাত সামগ্ৰীৰে খাদ্য সংসাধন উদ্যোগ স্থাপনৰ ক্ষেত্ৰতো যুৱ উদ্যোগীসকল আগবাঢ়ি অহা বুলি তেওঁ উল্লেখ কৰে।
এইবছৰ স্থানীয় ফল-মূলৰ পৰা ফলৰ বিয়েৰ উৎপাদনৰ বাবেও কেইবাটাও অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জনায়।
যুৱ সমাজক চৰকাৰী উদ্যোগী আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী ক্ৰয় কৰি ৰাজ্যৰ উদ্যোগীসকলক উৎসাহিত কৰিবলৈ গ্ৰাহকসকলক অনুৰোধ কৰে লালডুহোমাই।
সন্মিলনত মুখ্যমন্ত্ৰীগৰাকীয়ে মিজো উদ্যোগীসকলে প্ৰস্তুত কৰা ১০টা নতুন সামগ্ৰী উন্মোচন কৰাৰ লগতে উদ্ভাৱনী প্ৰত্যাহ্বান প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।