🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › অসম › অসম-বংগৰ বন বিভাগৰ সমন্বয়ত বাঘিনী ‘বি টি-১’ৰ ন...
অসম

অসম-বংগৰ বন বিভাগৰ সমন্বয়ত বাঘিনী ‘বি টি-১’ৰ নিৰাপদ উদ্ধাৰ

‘বি টি-১’ সুৰক্ষিত, সেয়াই আটাইতকৈ গুৰুত্বপূৰ্ণ — মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম-বংগৰ বন বিভাগৰ সমন্বয়ত বাঘিনী ‘বি টি-১’ৰ নিৰাপদ উদ্ধাৰ

অসম আৰু পশ্চিম বংগৰ বন বিভাগৰ যৌথ অভিযানত কোকৰাঝাৰত জনাঞ্চলৰ কাষ চাপি অহা ৰয়েল বেংগল বাঘিনী ‘বি টি-১’ক নিৰাপদে উদ্ধাৰ। আন্তঃৰাজ্যিক সমন্বয়ৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ।

অসম জাতিৰ খবৰ, ৰাইমোনা, ৪ নৱেম্বৰঃ পশ্চিম বংগৰ বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰা অসমলৈ ওলাই অহা ‘বি টি-১’ নামৰ ৰয়েল বেংগল বাঘিনীজনীক মঙলবাৰে নিশা অসমৰ ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নিৰাপদে উদ্ধাৰ কৰা হয়। জনবসতিপূৰ্ণ অঞ্চলৰ দিশে আগবাঢ়ি অহাৰ পিছতে অসম আৰু পশ্চিম বংগৰ বন বিভাগে যৌথভাৱে উদ্ধাৰ অভিযান চলায়।

বাঘিনীজনীৰ নিৰাপদ উদ্ধাৰৰ পিছতে ৪ নৱেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম ‘এক্স’যোগে দুয়োখন ৰাজ্যৰ বন বিভাগৰ সমন্বয়ৰ প্ৰশংসা কৰে। বন বিভাগৰ কৰ্মী, জিলা প্ৰশাসন, আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগিতাৰ শলাগ লৈ তেওঁ কয় যে ‘বি টি-১’ সুৰক্ষিত হৈ থকাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ।

উল্লেখ্য, যোৱা ২ অক্টোবৰত বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়াৰ পিছত বাঘিনীজনীয়ে ১০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰি অসমত প্ৰৱেশ কৰিছিল। ২৩ অক্টোবৰৰ পৰা বনাঞ্চলৰ মাজেৰে চলাচল কৰি অহা বাঘিনীজনী শেহতীয়াকৈ কোকৰাঝাৰ জিলাৰ জনবসতিৰ কাষ চাপিছিল।

অসমৰ বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জনোৱা মতে, দুয়োখন ৰাজ্যৰ বন বিভাগে বাঘিনীজনীৰ গতিবিধি নিৰীক্ষণ কৰি যৌথ অভিযানৰ জৰিয়তে উদ্ধাৰ কৰে। আনহাতে, পশ্চিম বংগৰ বনমন্ত্ৰী মনোজ ওৰাওঁৱে জনায় যে ৰেডিঅ’ কলাৰৰ সহায়ত বাঘিনীজনীৰ অৱস্থান নিৰীক্ষণ কৰা হৈছিল আৰু বৰ্তমান তাই সুস্থ অৱস্থাত আছে।

ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ প্ৰয়োজনীয় অনুমতি লাভ কৰাৰ পিছত অভিযানটো চলোৱা হৈছিল। এতিয়া পশ্চিম বংগৰ বন বিভাগে বাঘিনীজনীক পুনৰ বক্সা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চললৈ ঘূৰাই নিয়াৰ প্ৰস্তুতি চলাইছে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

অসম বিভাগৰ অধিক সংবাদ