ইভিএমক লৈ কংগ্ৰেছক আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাৰ, ‘নিৰ্বাচনত হাৰিলেহে ভোটিং ব্যৱস্থাক দোষাৰোপ কৰে’
বিজেপিয়ে ভোট চুৰি নকৰে, মানুহৰ হৃদয় জয় কৰে’—হিমাচল প্ৰদেশৰ ২০২৭ চনৰ নিৰ্বাচনক লৈও আগতীয়া মন্তব্য মুখ্যমন্ত্ৰীৰ।
অসম জাতিৰ খবৰ, ছিমলা, ২ নৱেম্বৰঃ নিৰ্বাচনত পৰাজিত হ’লেহে কংগ্ৰেছে ইলেক্ট্ৰনিক ভোটিং মেচিনক লৈ প্ৰশ্ন উত্থাপন কৰে বুলি অভিযোগ কৰিছে অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই। ১ নৱেম্বৰত হিমাচল প্ৰদেশৰ ছিমলাত বিজেপিৰ ‘গণতন্ত্ৰ ৰক্ষা কৰক, অৰাজকতা আঁতৰাওক’ শীৰ্ষক পদযাত্ৰাত অংশগ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
ভাষণত শৰ্মাই কয় যে বিজেপিয়ে ভোট চুৰি নকৰে, বৰং জনসাধাৰণৰ হৃদয় জয় কৰে। বিভিন্ন ৰাজ্যত বিধান পৰিষদৰ নিৰ্বাচনতো কংগ্ৰেছ পৰাজিত হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে কংগ্ৰেছে কেৱল ইভিএমত নহয়, বেলট পেপাৰৰ নিৰ্বাচনতো পৰাজয়ৰ সন্মুখীন হৈছে।
কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুক লক্ষ্য কৰি শৰ্মাই প্ৰশ্ন কৰে যে ইভিএম ব্যৱস্থাৰ জৰিয়তে হিমাচল প্ৰদেশত কংগ্ৰেছ চৰকাৰ গঠন হোৱাৰ পিছতো দলটোৱে কিয় এই ব্যৱস্থাক সমালোচনা কৰে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।