🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › ক্ৰীড়া › বেলন ডি’অৰ লাভৰ পিছত বিৰাট কোহলীৰ শুভেচ্ছা পাই ...
ক্ৰীড়া

বেলন ডি’অৰ লাভৰ পিছত বিৰাট কোহলীৰ শুভেচ্ছা পাই অভিভূত হেৰী কেন

ডেভিড বেকহাম, টম ব্ৰেডী আৰু বিৰাট কোহলীৰ দৰে তাৰকাৰ শুভেচ্ছা লাভ কৰি আনন্দ প্ৰকাশ ইংলেণ্ডৰ ফুটবল অধিনায়কৰ।

বেলন ডি’অৰ লাভৰ পিছত বিৰাট কোহলীৰ শুভেচ্ছা পাই অভিভূত হেৰী কেন

অসম জাতিৰ খবৰ, ৪ নৱেম্বৰঃ সন্মানীয় বেলন ডি’অৰ বঁটা লাভ কৰাৰ পিছত ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলীৰ পৰা শুভেচ্ছা লাভ কৰি অভিভূত হৈ পৰিছে ইংলেণ্ডৰ ফুটবল অধিনায়ক হেৰী কেন। এই বঁটা লাভ কৰি তেওঁ পঞ্চমগৰাকী ইংৰাজ ফুটবলাৰ হিচাপে ইতিহাস ৰচনা কৰে।

কাইলিয়ান এমবাপে আৰু লামিন ইয়ামালৰ দৰে তাৰকাক পিছ পেলাই বেলন ডি’অৰ লাভ কৰা কেনে কয় যে ডেভিড বেকহাম, টম ব্ৰেডী, বিৰাট কোহলী আৰু তেওঁৰ ঘনিষ্ঠ বন্ধু এড শ্বীৰানৰ পৰা শুভেচ্ছা লাভ কৰাটো তেওঁৰ বাবে বিশেষ অভিজ্ঞতা।

বায়াৰ্ন মিউনিখৰ হৈ যোৱা ছিজনত ইউৰোপৰ সৰ্বাধিক গ’লদাতা হোৱাৰ লগতে বুণ্ডেছলিগা, ডি এফ বি পোকাল আৰু ফ্ৰাঞ্জ বেকেনবাউৱাৰ ছুপাৰ কাপ জয়তো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল কেনে।

এটলেটিকো মাদ্ৰিদৰ বিৰুদ্ধে চেম্পিয়নছ লীগৰ মেচৰ পূৰ্বে সংবাদমেলত কেনক সোধা হৈছিল, কোন তাৰকাৰ শুভেচ্ছা বাৰ্তাই তেওঁক আটাইতকৈ বেছি আচৰিত কৰিছিল। উত্তৰত তেওঁ কয় যে বহু আদৰ্শ ব্যক্তিৰ পৰা শুভেচ্ছা লাভ কৰি তেওঁ কৃতজ্ঞ। সামাজিক মাধ্যমত আৰু ব্যক্তিগতভাৱে লাভ কৰা ব্যাপক শুভেচ্ছাই বেলন ডি’অৰ বঁটাৰ গুৰুত্ব তেওঁক নতুনকৈ উপলব্ধি কৰাইছে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

ক্ৰীড়া বিভাগৰ অধিক সংবাদ