প্ৰিয় অধিনায়ক কোন? শচীনৰ উত্তৰত সৌৰভ গাংগুলী আৰু ধোনী
ভাৰতীয় ক্ৰিকেটৰ দুই প্ৰাক্তন অধিনায়কৰ নেতৃত্বৰ প্ৰশংসা শচীন তেণ্ডুলকাৰৰ; ২০০৩ বিশ্বকাপৰ পৰা ২০১১ৰ বিশ্বজয়লৈ স্মৰণীয় অভিজ্ঞতা।
অসম জাতিৰ খবৰ, ৪ নৱেম্বৰঃ ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তি শচীন তেণ্ডুলকাৰে নিজৰ প্ৰিয় অধিনায়ক হিচাপে সৌৰভ গাংগুলী আৰু মহেন্দ্ৰ সিং ধোনীৰ নাম উল্লেখ কৰিছে। সামাজিক মাধ্যমত অনুষ্ঠিত প্ৰশ্নোত্তৰ শিতানত এগৰাকী অনুৰাগীয়ে তেওঁক কোন অধিনায়কৰ অধীনত খেলি আটাইতকৈ ভাল লাগিছিল বুলি সোধাত এই উত্তৰ দিয়ে শচীনে।
শচীনৰ মতে, সৌৰভ গাংগুলী আৰু ধোনী দুয়োগৰাকী তেওঁৰ প্ৰিয় অধিনায়কৰ তালিকাৰ শীৰ্ষত আছে। গাংগুলীৰ নেতৃত্বত ২০০৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত খেলিছিল শচীনে। আনহাতে, ধোনীৰ নেতৃত্বত ২০১১ চনত বিশ্বকাপ জয়ৰ সোৱাদ লাভ কৰিছিল।
নিজে ভাৰতীয় দলৰ অধিনায়ক হিচাপে দায়িত্ব পালন কৰাৰ অভিজ্ঞতা সন্দৰ্ভত শচীনে কয় যে দলৰ নেতৃত্ব দিয়াটো তেওঁৰ বাবে এক সন্মানৰ বিষয় আছিল। অৱশ্যে সেই সময়ত দল নিৰ্বাচনৰ ক্ষেত্ৰত অধিনায়কৰ সম্পূৰ্ণ স্বাধীনতা নাছিল বুলিও তেওঁ উল্লেখ কৰে।
দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাৰ নেতৃত্বৰো প্ৰশংসা কৰে শচীনে। তেওঁৰ মতে, বাভুমাই সন্মুখৰ পৰা নেতৃত্ব দি দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটলৈ উল্লেখযোগ্য সফলতা কঢ়িয়াই আনিছে।
উল্লেখ্য, ১৯৯৬ৰ পৰা ২০০০ চনলৈ দুটা পৰ্যায়ত শচীন তেণ্ডুলকাৰে ভাৰতীয় টেষ্ট দলৰ অধিনায়কত্ব কৰিছিল। মুঠ ২৫খন টেষ্টত দলক নেতৃত্ব দিয়া শচীনে ২০০০ চনৰ মাৰ্চ মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত পৰাজয়ৰ পিছত অধিনায়কত্ব এৰিছিল। ২০০৭ চনত পুনৰ টেষ্ট অধিনায়কত্বৰ প্ৰস্তাৱো তেওঁ গ্ৰহণ কৰা নাছিল।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।