পাকিস্তানৰ কৰাচীৰ সমীপত সাগৰীয় অভিযানৰ প্ৰশিক্ষণ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীৰ
পৰ্যটকৰ ছদ্মবেশত চৰনা দ্বীপত প্ৰশিক্ষণৰ অভিযোগ। ভাৰতীয় নিৰাপত্তা সংস্থাৰ তীক্ষ্ণ নজৰত সাগৰীয় সন্ত্ৰাসবাদী কাৰ্যকলাপ।
অসম জাতিৰ খবৰ, আন্তঃৰাষ্ট্ৰীয় ডেস্ক, ৬ নৱেম্বৰঃ
পাকিস্তানৰ কৰাচী চহৰৰ সমীপৱৰ্তী চৰনা দ্বীপত পৰ্যটকৰ ছদ্মবেশত সাগৰীয় অভিযানৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকাৰ অভিযোগ উত্থাপন হৈছে সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্যসকলৰ বিৰুদ্ধে। এন ডি টি ভিৰ এক প্ৰতিবেদনত চোৰাংচোৱা তথ্যৰ সৈতে জড়িত সূত্ৰৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰা হৈছে।
প্ৰতিবেদন অনুসৰি, কৰাচীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত অৱস্থিত চৰনা দ্বীপত স্কুবা ডাইভিং, পানীৰ তলত সাঁতোৰ আৰু অন্যান্য সাগৰীয় কাৰ্যকলাপৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে বুলি সন্দেহ কৰা হৈছে লস্কৰৰ সদস্যসকলক। পৰ্যটকৰ বাবে জনপ্ৰিয় এই দ্বীপটোত কেইবাটাও ডাইভিং স্থান থকাৰ বাবে প্ৰশিক্ষণ কাৰ্যকলাপ পৰ্যটনৰ আঁৰত চলোৱা হৈছে বুলি সূত্ৰসমূহে দাবী কৰিছে।
চোৰাংচোৱা সংস্থাসমূহৰ মতে, এই সদস্যসকল লস্কৰ-ই-তৈবাৰ ‘দাৱা মেৰিন উইং’ অথবা ‘ছাদা-এ-হুৰিয়ত’ নামেৰে পৰিচিত গোটৰ সৈতে জড়িত।
ইয়াৰ পূৰ্বেও পাকিস্তান অধিকৃত কাশ্মীৰৰ মংগলা বান্ধ আৰু সন্ত্ৰাসবাদী ঘাটিৰ সৈতে জড়িত কিছুমান চুইমিং পুলত লস্কৰৰ সদস্যসকলৰ প্ৰশিক্ষণ চলাৰ তথ্য পোৱা গৈছিল বুলি প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে।
প্ৰতিবেদন অনুসৰি, পাকিস্তানী মাৰ্কাজী মুছলিম লীগৰ সদস্যসকলে এই প্ৰশিক্ষণৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। এই সংগঠনটোক লস্কৰ-ই-তৈবাৰ সৈতে সম্পৰ্কিত এটা সহযোগী সংগঠন বুলি বৰ্ণনা কৰা হৈছে।
উল্লেখ্য যে, ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত লস্কৰৰ সদস্যসকলে সাগৰীয় পথ ব্যৱহাৰ কৰি ভাৰতত প্ৰৱেশ কৰিছিল। সেই ঘটনাৰ পিছৰে পৰা সংগঠনটোৰ এটা সৰু সাগৰীয় গোট সক্ৰিয় হৈ থকাৰ তথ্য বিভিন্ন সময়ত প্ৰকাশ পাই আহিছে।
শেহতীয়াকৈ সাগৰীয় পথেৰে বৃহৎ পৰিসৰৰ আক্ৰমণ সংঘটিত কৰাৰ সম্ভাৱনাক লৈ লস্কৰে প্ৰস্তুতি চলোৱাৰ সন্দেহ প্ৰকাশ কৰিছে চোৰাংচোৱা সূত্ৰই।
ইফালে, এই সন্দৰ্ভত ভাৰতীয় নিৰাপত্তা সংস্থাসমূহ অৱগত হৈ আছে আৰু সাগৰীয় পথেৰে আহিব পৰা যিকোনো ভাবুকি মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি থকা বুলি সূত্ৰসমূহে জানিবলৈ দিছে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
আন্তঃৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ
আন্তঃৰাষ্ট্ৰীয়
বাংলাদেশলৈ উভতি যোৱাৰ প্ৰস্তুতি শ্বেখ হাছিনাৰ, নতুন পাছপ’ৰ্টৰ বাবে আবেদন
আন্তঃৰাষ্ট্ৰীয়