🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › অসম › তামাৰহাটৰ জিয়াডাঙ্গা অঞ্চলত গ্ৰাহামপুৰ আৰক্ষীৰ...
অসম

তামাৰহাটৰ জিয়াডাঙ্গা অঞ্চলত গ্ৰাহামপুৰ আৰক্ষীৰ অভিযান

আৰক্ষীৰ অভিযানত চাৰিটাকৈ চোৰাং গো-ধন সহ যাত্ৰীবাহী গাড়ী জব্দ

তামাৰহাটৰ জিয়াডাঙ্গা অঞ্চলত গ্ৰাহামপুৰ আৰক্ষীৰ অভিযান

অসম জাতিৰ খবৰ, তামাৰহাট ১১ নৱেম্বৰ :- ধুবুৰী কোকৰাঝাৰ জিলা সীমান্তৱৰ্তী তামাৰহাটৰ জিয়াডাঙ্গাত নিশা গ্ৰাহামপুৰ আৰক্ষীয়ে অভিযান চলায় । গ্ৰাহামপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া লবেশ ৰায়ৰ নেতৃত্বত চলোৱা অভিযানত চাৰিটাকৈ চোৰাং গো-ধন সহ যাত্ৰীবাহী বাহন জব্দ কৰিবলৈ সক্ষম হয়। চাৰিটা গৰুৰ ভিতৰত এটা গৰুৰ গাড়ীতে মৃত্যু। AS-17C-7383 নম্বৰৰ টাটা মেজিক এক্সপ্ৰেছ যাত্ৰীবাহী বাহনত গৰু কেইটাক মূখ, ভৰি বান্ধি পানজপা দি তামাৰহাটৰ কাছাৰীগাওঁ অভিমুখে গৈ অছিল। গ্ৰাহামপুৰ আৰক্ষীয়ে গো-ধন কঢ়িওৱা বাহনক খেদি খেদি বাহনখন জিয়াডাঙ্গা অঞ্চলত আটক কৰে যদিওঁ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি গৰু সৰবৰাহকাৰী চালক বাহন এৰি পলায়ন কৰে। পিছত আৰক্ষীয়ে গৰু কঢ়িওৱা বাহন আৰু গৰু সমূহ জব্দ কৰি থানালৈ আনে।উল্লেখ্য যে, পশ্চিমবংগৰ জয়গুৰু, পূৰ্ব ফলিমাৰী, ছিট বৰো লাউকুটি অঞ্চলৰ পৰা চোৰাং গৰু সৰবৰাহকাৰীয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰি বিলাসী বাহন, যাত্ৰীবাহী বাহনত গৰু ভৰ্তি কৰি ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথেৰে তামাৰহাট থানাৰ সন্মূখৰে ধুবুৰীৰ বিভিন্ন প্ৰান্তলৈ চোৰাং গৰু সৰবৰাহ কৰে।উক্ত গৰু সমূহ ইঞ্জিন চালিত নাৱেৰে বাংলাদেশলৈ সৰবৰাহ কৰাৰ অভিযোগ।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

অসম বিভাগৰ অধিক সংবাদ