অৰুণাচলৰ পাৰ্চি-পাৰ্লোত ভয়ংকৰ অগ্নিকাণ্ড, একেটা পৰিয়ালৰ ৪জনৰ মৃত্যু
২৪টা বাসগৃহ জুইত জাহ, সন্ধানহীন পৰিয়ালৰ মুৰব্বী; মৃতকৰ ভিতৰত তিনিটা শিশু
অসম জাতিৰ খবৰ, পাৰ্চি-পাৰ্লো, ১২ নৱেম্বৰঃ
অৰুণাচল প্ৰদেশৰ কুৰুং কুমে জিলাৰ পাৰ্চি-পাৰ্লো চহৰত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত একেটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত এগৰাকী মহিলা আৰু তেওঁৰ তিনিটা নাবালক সন্তান আছে। আনহাতে, মহিলাগৰাকীৰ স্বামী এতিয়াও সন্ধানহীন হৈ আছে।
জিলাৰ উপায়ুক্ত চীচুং চুখুৱে জানিবলৈ দিয়া অনুসৰি, পুৱতি নিশা প্ৰায় ২.৩০ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু অতি কম সময়ৰ ভিতৰতে জুই কাষৰীয়া ঘৰসমূহলৈ বিয়পি পৰে। অগ্নিকাণ্ডত ১৯টা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে আন পাঁচটা ঘৰৰ আংশিক ক্ষতিসাধন হয়।
অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। প্ৰাথমিক তথ্য অনুসৰি, পাকঘৰৰ পৰাই জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। সন্ধানহীন লোকজনৰ সন্ধান অব্যাহত আছে। উপায়ুক্তগৰাকীয়ে জনোৱা মতে, ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ মূল্যায়নৰ পিছতহে পৰিস্থিতিৰ প্ৰকৃত ছবি স্পষ্ট হ’ব।
জিলাৰ সদৰ ক’ল’ৰিয়াঙৰ পৰা প্ৰশাসনৰ এটা দল পুৱা ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰে। দুৰ্গম অঞ্চলটোত অগ্নিনিৰ্বাপক আন্তঃগাঁথনিৰ অভাৱৰ বিষয়টোও এই ঘটনাই পোহৰলৈ আনিছে। পাৰ্চি-পাৰ্লোত অগ্নিনিৰ্বাপক কেন্দ্ৰ নাই আৰু প্ৰায় ৩৮ কিলোমিটাৰ দূৰৰ ক’ল’ৰিয়াঙত থকা অগ্নিনিৰ্বাপক বাহনখন সময়মতে ঘটনাস্থলীত উপস্থিত হ’ব নোৱাৰা বুলি জানিব পৰা গৈছে।
মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এই ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থকাৰ আশ্বাস দিছে। উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত প্ৰশাসন, আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, স্বেচ্ছাসেৱক আৰু স্থানীয় ৰাইজৰ প্ৰচেষ্টাৰো শলাগ লৈছে তেওঁ।
ইফালে, সৰ্ব অসম নিছি যুৱ সংস্থা (ANYA)-ই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। সংস্থাৰ সভাপতি জামৰু ৰুজাই ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক তাৎক্ষণিক সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে। লগতে সংস্থাটোৱে সাহায্য পুঁজি সংগ্ৰহ অভিযান আৰম্ভ কৰাৰ লগতে শীঘ্ৰে অগ্নিকাণ্ডস্থলী পৰিদৰ্শন কৰি সহায় আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।