🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › অসম › গুৱাহাটীৰ সমীপত কলকাতা-ছাইৰাং এক্সপ্ৰেছৰ পাঁচটা...
অসম

গুৱাহাটীৰ সমীপত কলকাতা-ছাইৰাং এক্সপ্ৰেছৰ পাঁচটা দবা লাইনচ্যুত

ডিগাৰু ৰে’ল ষ্টেচনৰ সমীপত পুৱা সংঘটিত ঘটনা, হতাহতৰ খবৰ নাই

গুৱাহাটীৰ সমীপত কলকাতা-ছাইৰাং এক্সপ্ৰেছৰ পাঁচটা দবা লাইনচ্যুত

অসম জাতিৰ খবৰ, ডিগাৰু, ১১ নৱেম্বৰঃ

গুৱাহাটীৰ সমীপৰ ডিগাৰু ৰে’ল ষ্টেচনৰ ওচৰত বুধবাৰে পুৱা লাইনচ্যুত হয় কলকাতা-ছাইৰাং এক্সপ্ৰেছৰ সন্মুখৰ পাঁচটাকৈ দবা। পুৱা প্ৰায় ৬ বাজি ৫৪ মিনিটত সংঘটিত হয় এই ঘটনা। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই ঘটনাৰ কথা নিশ্চিত কৰিছে।

তেওঁ জনোৱা মতে, ১৩১২৫ নম্বৰৰ ৰে’লখন কলকাতাৰ পৰা ছাইৰাঙলৈ গৈ আছিল। জন শতাব্দী এক্সপ্ৰেছক আগবাঢ়ি যাবলৈ সুবিধা দিয়াৰ উদ্দেশ্যে ডিগাৰু ষ্টেচনত ৰে’লখন ৰখোৱা হৈছিল। কিন্তু সময়মতে ৰ’ব নোৱাৰাৰ ফলত সন্মুখৰ পাঁচটা দবা লাইনচ্যুত হয়।

ৰে’লখনৰ গতি কম থকাৰ বাবে বৰ্তমানলৈ কোনো লোকৰ মৃত্যু বা গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা হোৱা নাই বুলি ৰে’লৱেৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

যাত্ৰীসকলক নিৰাপদে গন্তব্যস্থানত পঠিয়াবলৈ গুৱাহাটীৰ পৰা বিকল্প ৰে’লৰ ব্যৱস্থা কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেই। আনহাতে, ক্ষতিগ্ৰস্ত দবাকেইটা উদ্ধাৰ আৰু ৰে’লপথ মেৰামতিৰ কাম অব্যাহত আছে। শীঘ্ৰে মূল ৰে’লপথ পুনৰ মুকলি কৰি স্বাভাৱিক ৰে’ল চলাচল আৰম্ভ কৰাৰ লক্ষ্য লোৱা হৈছে।

ঘটনাস্থলীত জ্যেষ্ঠ ৰে’লৱে বিষয়া উপস্থিত হৈছে। লাইনচ্যুত হোৱাৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবলৈ তদন্তও কৰা হ’ব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

সম্পাদনাৰ টোকা: হতাহতৰ তথ্য আৰু ৰে’ল চলাচল পুনৰ আৰম্ভ হোৱাৰ সময় সম্পৰ্কে ৰে’লৱেৰ পৰৱৰ্তী আনুষ্ঠানিক আপডেটৰ ভিত্তিত বাতৰিটো সংশোধন কৰিব পাৰি।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

অসম বিভাগৰ অধিক সংবাদ