🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › অসম › ২০২৫ত হত্যাকাণ্ডৰ সৰ্বাধিক গোচৰ গুৱাহাটীত, ২০২৬...
অসম

২০২৫ত হত্যাকাণ্ডৰ সৰ্বাধিক গোচৰ গুৱাহাটীত, ২০২৬ত শীৰ্ষত তিনিচুকীয়া

অসম আৰক্ষীৰ তথ্য অনুসৰি ২০২৫ চনত ৰাজ্যত ৮৫৮টা হত্যাকাণ্ডৰ গোচৰ; ২০২৬ৰ প্ৰথম পাঁচ মাহত নথিভুক্ত ৩০৯টা গোচৰ

২০২৫ত হত্যাকাণ্ডৰ সৰ্বাধিক গোচৰ গুৱাহাটীত, ২০২৬ত শীৰ্ষত তিনিচুকীয়া

অসম জাতিৰ খবৰ, ১২ নৱেম্বৰঃ

অসম আৰক্ষীৰ তথ্য অনুসৰি, ২০২৫ চনত ৰাজ্যৰ জিলাসমূহৰ ভিতৰত সৰ্বাধিক হত্যাকাণ্ডৰ গোচৰ গুৱাহাটী মহানগৰীত পঞ্জীয়ন হৈছিল। বছৰটোত গুৱাহাটীত ৬২টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে ২০২৬ চনৰ জানুৱাৰীৰ পৰা মে’ মাহলৈকে সৰ্বাধিক ১৯টা গোচৰ পঞ্জীয়নেৰে শীৰ্ষস্থানত আছে তিনিচুকীয়া জিলা।

তথ্য অনুসৰি, ২০২৫ চনত সমগ্ৰ অসমত মুঠ ৮৫৮টা হত্যাকাণ্ডৰ গোচৰ পঞ্জীয়ন হৈছিল। গুৱাহাটীৰ পিছতে নগাঁৱত ৬১টা, শোণিতপুৰত ৪৪টা, কামৰূপ আৰু শ্ৰীভূমিত ৪০টাকৈ, গোলাঘাটত ৩৬টা আৰু কাছাৰত ৩২টা গোচৰ ৰুজু হৈছিল।

আনহাতে, ২০২৬ চনৰ প্ৰথম পাঁচ মাহত তিনিচুকীয়াৰ পিছতে কামৰূপত ১৭টা হত্যাকাণ্ডৰ গোচৰ পঞ্জীয়ন হৈছে। কাছাৰ, নগাঁও আৰু শোণিতপুৰত ১৫টাকৈ, লখিমপুৰত ১৪টা আৰু যোৰহাটত ১৩টা গোচৰ ৰুজু হৈছে। এই সময়ছোৱাত ৰাজ্যজুৰি মুঠ ৩০৯টা গোচৰ নথিভুক্ত কৰা হৈছে।

উল্লেখযোগ্য যে, ২০২৬ চনৰ পৰিসংখ্যা কেৱল জানুৱাৰীৰ পৰা মে’ মাহলৈকে সংগ্ৰহ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। সেয়েহে পাঁচ মাহৰ এই তথ্যক ২০২৫ চনৰ সম্পূৰ্ণ বছৰৰ পৰিসংখ্যাৰ সৈতে পোনপটীয়াকৈ তুলনা কৰাটো উচিত নহ’ব।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

অসম বিভাগৰ অধিক সংবাদ