বৰপেটাৰ মন্দিয়া-মিলিজুলিত সুৰাৰ মুকলি বেহা
চক্ৰ বিষয়া তন্ময় ঘোষৰ নেতৃত্বত অবৈধ সুৰা জব্দ
অসম জাতিৰ খবৰ,বাঘবৰ, ১১ নবেম্বৰ:: বৰপেটা জিলাৰ মন্দিয়াৰ বিশাল এলেকাত বৰ্তমান অবৈধ সুৰা আৰু নিচাজাতীয় সামগ্ৰীৰ মুকলি বেহাই তীব্ৰ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ মন্দিয়া, সত্ৰকণৰা আৰু মিলিজুলি অঞ্চলত চলি থকা এই ৰমৰমীয়া ব্যৱসায়ে অঞ্চলটোৰ সামাজিক পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে । এনে অভিযোগৰ ওপৰত ভিত্তিকৰি যোৱাকালি সন্ধিয়া বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰবিষয়া তন্ময় ঘোষৰ নেতৃত্বত মন্দিয়া আৰক্ষী চকীৰ আৰক্ষীৰ দল আৰু বৰপেটা আৱকাৰী বিভাগৰ দলে মন্দিয়া বাছষ্টেন্ডত এখন দোকানৰ পৰা ১২ বটল আই এম এফ এল (৭৫০ মিঃলিঃ) ৬০ বটল আই এম এফ এল (১৮০মিঃলি) আৰু ১৯ বটল বিয়েৰৰ বটল জব্দ কৰে৷ লক্ষণীয় বিষয় এই যে এই অবৈধ সুৰা লাইচেঞ্চ বিহীন ব্যক্তিক কেনেদৰে বিক্ৰী কৰিব পাৰে বা এজন মদ খোৱা ব্যক্তিক ইমান বুজন পৰিমাণৰ মদ বিক্ৰী কেনেকৈ বিক্ৰী কৰিব পাৰে লাইচেঞ্চ প্ৰাপ্ত দোকানী সকলে৷ আৱকাৰী বিভাগে প্ৰকৃতাৰ্থত লাইচেঞ্চ প্ৰাপ্ত দোকানী সকলক তদন্তৰ আওতাত আনিব লাগে বুলি সচেতন মহলে অভিযোগ তুলিছে৷ বাঘবৰ থানা আৰু মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত মন্দিয়া , সত্ৰকণৰা আৰু বাঘবৰ অঞ্চলত চলা ৰমৰমীয়া অবৈধ মদৰ বেহা চলি থকাৰ তথ্য পোহৰলৈ আহিছে ৷ যদিও এইবোৰ জানশুনিও বৰপেটা জিলা আৱকাৰী বিভাগ নীৰৱ দৰ্শকৰ ভুমিকা পালন কৰি আহিছে ৷ জানিব পৰা মতে, মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত মন্দিয়া ব্লক কংগ্ৰেছ কাৰ্যলয়ৰ ৫ মিটাৰ নিলগত শৰবেশ আলী ওৰফে কোম্পানী , মন্দিয়া পাট বজাৰ বুলি খ্যাত জয়নাল আবেদিন, মন্দিয়া নতুন বাছষ্টেন্ডৰ ওচৰত মুগবুল আলী , মিলিজুলিতো অবৈধ সুৰাৰ মুকলি বেহা চলি থকাৰ অভিযোগ উত্থাপন হৈছে। উঠি অহা নৱ প্ৰজন্মৰ যুৱকৰ লগতে এচাম দিনহাজিৰা কৰা মজদুৰ শ্ৰেণীৰ লোক সকলে মদ-ভাংৰ প্ৰতি বেছি আসক্ত বুলি জানিব পৰা গৈছে ৷ আৱকাৰী বিভাগৰ চকুৰ সন্মুখতে এই সকলোবোৰ চলি থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই যেন কুম্ভকৰ্ণৰ নিদ্ৰাতহে মগ্ন হৈ থকা পৰিলক্ষিত হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, এই অঞ্চলসমূহৰ কেইবাটাও নিৰ্দিষ্ট স্থানত অতি সংগঠিত ৰূপত মদৰ বেহা চলি আছে। এই অবৈধ নিচাজাতীয় সামগ্ৰীৰ প্ৰসাৰৰ ফলত সৰ্বাধিক প্ৰভাৱিত হৈছে অঞ্চলটোৰ উঠি অহা নৱ-প্ৰজন্ম।স্কুল-কলেজৰ ছাত্ৰৰ পৰা আৰম্ভ কৰি দিন- হাজিৰা কৰা শ্ৰমিক শ্ৰেণীৰ লোকসকল বৰ্তমান এই বিষাক্ত নিচাৰ কবলত পৰি সৰ্বস্বান্ত হ’বলৈ ধৰিছে। ইয়াৰ ফলত সমাজত অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ লগতে পৰিৱেশ দিনক দিনে কুলষিত হৈ পৰিছে। অঞ্চলটোৰ সচেতন ৰাইজে অভিযোগ উত্থাপন কৰিছে যে মন্দিয়া ব্লক কংগ্ৰেছ কাৰ্যালয়ৰ একেবাৰে ওচৰত এনেদৰে সুৰাৰ ঘাটি চলি থকাটোৱে একাংশ স্থানীয় নেতৃত্বৰ গোপন সমৰ্থনৰ ফালেই আঙুলি টোৱাইছে। অভিযোগ উঠিছে যে, এই ব্যৱসায়ীসকলে স্থানীয় আৰক্ষী আৰু আৱকাৰী বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীক মাহিলি মোটা অংকৰ ধন দি মেনেজ কৰি এই ক’লা ব্যৱসায় চলাই আহিছে বুলি সচেতন ব্যক্তি সকলে অভিযোগ উত্থাপন কৰিছে । যাৰ বাবে সকলো জানিও বৰপেটাৰ আৱকাৰী বিভাগ বৰ্তমান নীৰৱ দৰ্শকৰ ভূমিকাত অৱতীৰ্ণ হৈছে । বৰ্তমানৰ এই ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মন্দিয়া আৰু বাঘবৰৰ সচেতন ৰাইজে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অনতিবিলম্বে এইসমূহ অবৈধ ঘাটি উৎখাত কৰিবলৈ দাবী জনাইছে বিভিন্ন দল সংগঠনৰ লগতে সচেতন মহলে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।