মিঠাই খুৱাই ৰেপিড’ চালকৰ বাইকসহ ধন-সম্পত্তি লুটৰ অভিযোগ
গুৱাহাটীত যাত্ৰীৰ ছদ্মবেশত দুৰ্বৃত্তৰ কাণ্ড; আই চি ইউত সংকটজনক অৱস্থাত ২২ বছৰীয়া প্ৰবাল বৰ্মন
অসম জাতিৰ খবৰ, গুৱাহাটী, ৭ নৱেম্বৰঃ গুৱাহাটীত যাত্ৰীৰ ছদ্মবেশত অহা এজন ব্যক্তিয়ে নিচাযুক্ত দ্ৰব্য মিহলোৱা মিঠাই খুৱাই এজন ৰেপিড’ চালকৰ বাইক, ম’বাইল ফোন আৰু নগদ ধন লৈ পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ পিছৰে পৰা ২২ বছৰীয়া চালক প্ৰবাল বৰ্মন সংকটজনক অৱস্থাত চিকিৎসালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ আছে।
ঘটনাটো সংঘটিত হয় বৃহস্পতিবাৰ, ৫ নৱেম্বৰৰ সন্ধিয়া। প্ৰবালে সন্ধিয়া প্ৰায় ৬ বজাত মহানগৰীৰ মেগাজিন অঞ্চলৰ পৰা এজন অচিনাকি যাত্ৰীক জালুকবাৰীলৈ নিয়াৰ বাবে বাইকত উঠাইছিল। যাত্ৰীজনে এপৰ জৰিয়তে বুকিং কৰাৰ পৰিৱৰ্তে অফলাইন ভাড়া দিয়াৰ কথা কয়। বামুণীমৈদাম পোৱাৰ পিছত যাত্ৰীজনে ওচৰৰ এখন দোকানৰ পৰা মিঠাই কিনি প্ৰবালক খাবলৈ দিয়ে। নিজে আন এখন দোকানৰ পৰা সুৰা ক্ৰয় কৰে। মিঠাই খোৱাৰ পিছতে প্ৰবালৰ অসুস্থতা অনুভৱ হয়।
টোপনি ভাব অহাত বাইক চলাব নোৱাৰা বুলি জনাই প্ৰবালে বাইক ৰখাই মাতৃলৈ ফোন কৰে। অভিযোগ অনুসৰি, সেই সময়তে যাত্ৰীজনে তেওঁৰ পৰা ম’বাইল ফোনটো কাঢ়ি লৈ মাতৃক সকলো ঠিকেই থকা বুলি আশ্বাস দিয়ে আৰু ফোনটো বন্ধ কৰি দিয়ে। প্ৰবাল অচেতন হৈ পৰাৰ সুযোগ লৈ লোকজনে এ এছ ১৪ ভি ৫৯২৮ নম্বৰৰ টিভিএছ এপাচি বাইকখন, ম’বাইল ফোন আৰু নগদ ধন লৈ পলায়ন কৰে। ফোনটোৰ অন্তিম অৱস্থান সাতগাঁৱত ধৰা পৰিছিল বুলি জানিব পৰা গৈছে।
ইফালে, প্ৰবাল নিশাটো ফাঁচীবজাৰৰ পথৰ কাষত অচেতন অৱস্থাত পৰি আছিল বুলি জানিব পৰা গৈছে। ফোন বন্ধ হৈ পৰাত পৰিয়ালৰ লোকে তেওঁৰ সন্ধানত নামি নুনমাটি, জালুকবাৰী আৰু দিছপুৰ আৰক্ষী থানাত যোগাযোগ কৰে। পৰিয়ালৰ অভিযোগ অনুসৰি, নুনমাটি আৰু জালুকবাৰী থানাত লিখিত অভিযোগ দাখিল কৰিবলৈ গৈও তেওঁলোকে আৰক্ষীৰ পৰা সহযোগিতা লাভ কৰা নাছিল। অৱশেষত নুনমাটি থানাত এটা গোচৰ ৰুজু কৰা হৈছে।
সম্পাদনাৰ টোকা: নিচাযুক্ত মিঠাই খুৱাই লুটপাত কৰাৰ অভিযোগ আৰু আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ পৰিয়ালৰ বক্তব্যৰ ভিত্তিত প্ৰকাশ কৰা হৈছে। আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাৰ সম্পূৰ্ণ তথ্য স্পষ্ট হ’ব।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।