খানাপাৰাত বস্তাৰ ভিতৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ
গণেশ মন্দিৰৰ সমীপত স্থানীয় লোকে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে; মৃত্যুৰ কাৰণক লৈ তদন্ত অব্যাহত
অসম জাতিৰ খবৰ, গুৱাহাটী, ৭ নৱেম্বৰঃ গুৱাহাটীৰ খানাপাৰা অঞ্চলৰ গণেশ মন্দিৰৰ সমীপত শনিবাৰে এটা বস্তাৰ ভিতৰৰ পৰা উদ্ধাৰ হয় এজন অচিনাক্ত লোকৰ মৃতদেহ। স্থানীয় একাংশ লোকে বস্তাটোৰ পৰা মানুহৰ ভৰি ওলাই থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াৰ পিছতে ঘটনাটো পোহৰলৈ আহে। খবৰ লাভ কৰাৰ লগে লগে দিছপুৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত অনুৰাগ শৰ্মাও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
বাতৰি লিখাৰ পৰলৈকে মৃত ব্যক্তিগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই। মৃতদেহটো পুৰুষৰ নে মহিলাৰ, সেয়াও আৰক্ষীয়ে নিশ্চিত কৰা নাই।
ব্যক্তিগৰাকীক হত্যা কৰি মৃতদেহটো উক্ত স্থানত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অৱশ্যে মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ঘটনাৰ আঁৰৰ পৰিস্থিতি এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীৰ তদন্ত অব্যাহত আছে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।