নিজেই অপহৰণৰ নাটক ৰচি চোৰাং সোণ আত্মসাতৰ চেষ্টা, কেৰালাত গ্ৰেপ্তাৰ মহিলা
কেৰালাৰ কৰিপুৰ বিমানবন্দৰৰ সমীপত ১২ কিলোমিটাৰ আৰক্ষীৰ খেদা; ডুবাইৰ পৰা অনা সোণক লৈ পোহৰলৈ আহিল ষড়যন্ত্ৰৰ অভিযোগ।
অসম জাতিৰ খবৰ, ৫ নৱেম্বৰঃ
কেৰালাৰ কৰিপুৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত চাঞ্চল্যকৰ সোণ সৰবৰাহৰ ঘটনা পোহৰলৈ আহিছে। নিজকে অপহৰণ কৰা বুলি নাটক ৰচি ডুবাইৰ পৰা অনা চোৰাং সোণ আত্মসাৎ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, ঘটনাক কেন্দ্ৰ কৰি প্ৰায় ১২ কিলোমিটাৰ ধৰি আৰক্ষীয়ে এখন নীলা মাৰুতি বেলেনো বাহনক খেদি যায়। চিচিটিভি ফুটেজত আৰক্ষীৰ বাহনে আগভেটি ধৰাৰ পিছতো বাহনখনে পিছলৈ ঘূৰাই পলাই যাবলৈ চেষ্টা কৰা দৃশ্য বন্দী হৈছে। অৱশেষত আৰক্ষীয়ে বাহনখন ৰখাই ভিতৰত থকা লোকসকলক আটক কৰে।
প্ৰথমে ঘটনাটো অপহৰণৰ ঘটনা বুলি সন্দেহ কৰা হৈছিল যদিও তদন্তত অপহৰণৰ নাটকখন নিজেই তথাকথিত ভুক্তভোগী মহিলাগৰাকীয়ে ৰচনা কৰা বুলি অভিযোগ উত্থাপন হৈছে।
তদন্তকাৰীৰ মতে, থালাছেৰীৰ বাসিন্দা প্ৰিয়ংকা নামৰ মহিলাগৰাকীয়ে ডুবাইৰ পৰা প্ৰায় ১৮ ছ’ভাৰেন সোণ লৈ বিমানবন্দৰত উপস্থিত হৈছিল। সেই সোণ মাট্টান্নুৰৰ বাসিন্দা জাবিৰ নামৰ এজন লোকক গতাই দিয়াৰ কথা আছিল। কিন্তু পৰৱৰ্তী সময়ত সোণ আত্মসাৎ কৰাৰ উদ্দেশ্যে অপহৰণৰ নাটক ৰচনা কৰাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনাটোৰ সৈতে জড়িত আন লোকসকলৰ ভূমিকা আৰু সোণ সৰবৰাহৰ সম্পূৰ্ণ পৰিকল্পনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
ৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ
ৰাষ্ট্ৰীয়
অমিত শ্বাহৰ ভিডিঅ’ সম্পাদনা কৰি প্ৰচাৰ কৰাৰ অভিযোগ, ৰাহুল গান্ধীক প্ৰহ্লাদ যোশীৰ প্ৰত্যুত্তৰ
ৰাষ্ট্ৰীয়