🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › ৰাষ্ট্ৰীয় › দিল্লীত ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীৰ সামৰণি অ...
ৰাষ্ট্ৰীয়

দিল্লীত ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান, পঞ্জীয়ন প’ৰ্টেল মুকলি

২৯ নৱেম্বৰত ভাৰত মণ্ডপমত বৰ্ণাঢ্য অনুষ্ঠান, মুখ্য অতিথি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অংশগ্ৰহণ কৰিব অসমৰ এহেজাৰ শিক্ষাৰ্থীয়ে।

দিল্লীত ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান, পঞ্জীয়ন প’ৰ্টেল মুকলি

অসম জাতিৰ খবৰ, গুৱাহাটী, ৬ নৱেম্বৰঃ

বিশ্ববৰেণ্য শিল্পী, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠান উপলক্ষে অসম চৰকাৰে সাধাৰণ ৰাইজৰ বাবে অনলাইন পঞ্জীয়ন প’ৰ্টেল মুকলি কৰিছে। অহা ২৯ নৱেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’বলগীয়া এই বৰ্ণাঢ্য অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ইচ্ছুক ব্যক্তিসকলে অনলাইনযোগে পঞ্জীয়ন কৰিব পাৰিব।

শুকুৰবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ‘ড° ভূপেন হাজৰিকা জন্মশতবাৰ্ষিকী উদযাপন’ প’ৰ্টেল আনুষ্ঠানিকভাৱে মুকলি কৰে। অহা ২৮ নৱেম্বৰলৈকে পঞ্জীয়ন প্ৰক্ৰিয়া অব্যাহত থাকিব। আনহাতে, ১২ নৱেম্বৰৰ পৰা আবেদনকাৰীসকলে নিজৰ পঞ্জীয়ন পাছ ডাউনলোড কৰিব পাৰিব। পঞ্জীয়ন প্ৰক্ৰিয়াৰ অংশ হিচাপে আবেদনকাৰীসকলৰ পটভূমি পৰীক্ষাও কৰা হ’ব।

ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত আয়োজিত এই সামৰণি অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী ঊষা মংগেশকাৰক ‘ড° ভূপেন হাজৰিকা বঁটা’ প্ৰদান কৰা হ’ব। ইয়াৰ লগতে দেশৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব।

অনুষ্ঠানত শ্ৰেয়া ঘোষাল, শংকৰ মহাদেৱন, অংগৰাগ পাপন মহন্ত, কবিতা কৃষ্ণমূৰ্তি, এল সুব্ৰমণিয়ম আৰু মহালক্ষ্মী আয়াৰকে ধৰি দেশৰ আগশাৰীৰ শিল্পীসকলে অংশগ্ৰহণ কৰিব।

ইয়াৰ উপৰি অসমৰ তৰালী শৰ্মা, মৌচুমী চহৰীয়া, আনন্দিতা পাল, জুবলী বৰুৱা, নাহিদ আফ্ৰিন, শংকুৰাজ কোঁৱৰ, ৰূপম ভূঞা, দীক্ষু শৰ্মা, দাৱৰ হাজৰিকা, ময়ূৰ হাজৰিকা আৰু আচুৰ্য বৰপাত্ৰকে ধৰি কেইবাগৰাকীও শিল্পীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

আনহাতে, এই ঐতিহাসিক অনুষ্ঠানত অসমৰ প্ৰায় এহেজাৰ শিক্ষাৰ্থীক অংশগ্ৰহণৰ সুযোগ প্ৰদানৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা সাংস্কৃতিক কাৰ্যকলাপৰ প্ৰতি আগ্ৰহী শিক্ষাৰ্থীসকলক নিৰ্বাচন কৰি নতুন দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰা হ’ব।

উল্লেখ্য যে, সংগীত, সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনলৈ ড° ভূপেন হাজৰিকাই আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনাই বছৰজোৰা কাৰ্যসূচীৰে জন্মশতবাৰ্ষিকী উদযাপন কৰা হৈছে। অহা ২৯ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া এই বৰ্ণাঢ্য অনুষ্ঠানৰ জৰিয়তে জন্মশতবাৰ্ষিকী উদযাপনৰ আনুষ্ঠানিক সামৰণি পৰিব।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

ৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ