বঙাইগাঁও ৰে’ল ষ্টেচনৰ সমীপত চাৰিজন সন্দেহযুক্ত বাংলাদেশী আটক
ৰে’ল আৰক্ষীৰ সহযোগত বঙাইগাঁও আৰক্ষীৰ অভিযান; আটকাধীন লোককেইজনৰ পৰিচয় জুৱাইৰ, আলামিন হুছেইন, ছাট্টাৰ মিঞা আৰু ছালে আহমেদ
অসম জাতিৰ খবৰ, বঙাইগাঁও, ৭ নৱেম্বৰঃ বঙাইগাঁও ৰে’ল ষ্টেচনৰ সমীপৰ পৰা চাৰিজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰিছে আৰক্ষীয়ে। ৰে’ল আৰক্ষীৰ সহযোগত বঙাইগাঁও আৰক্ষীয়ে চলোৱা এক যুটীয়া অভিযানত লোককেইজনক আটক কৰা হয়।
আটকাধীন লোককেইজনক জুৱাইৰ, আলামিন হুছেইন, ছাট্টাৰ মিঞা আৰু ছালে আহমেদ বুলি চিনাক্ত কৰা হৈছে।
অৱশ্যে তেওঁলোকৰ নাগৰিকত্ব সম্পৰ্কীয় অভিযোগৰ সত্যতা, পৰিচয়ৰ বিস্তৃত তথ্য আৰু আটক কৰাৰ আঁৰৰ পৰিস্থিতি সন্দৰ্ভত কৰ্তৃপক্ষই এতিয়ালৈকে অধিক তথ্য প্ৰকাশ কৰা নাই।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।