🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › ক্ৰীড়া › যুৱ অলিম্পিকৰ বেডমিণ্টন ফাইনেলত ১৫ বছৰীয়া তনভী...
ক্ৰীড়া

যুৱ অলিম্পিকৰ বেডমিণ্টন ফাইনেলত ১৫ বছৰীয়া তনভী পাত্ৰীৰ ইতিহাস

জাপানৰ দ্বিতীয় বাছনিৰ খেলুৱৈক পৰাস্ত কৰি স্বৰ্ণ পদকৰ যুঁজত প্ৰৱেশ ভাৰতীয় শ্বাটলাৰগৰাকীৰ।

যুৱ অলিম্পিকৰ বেডমিণ্টন ফাইনেলত ১৫ বছৰীয়া তনভী পাত্ৰীৰ ইতিহাস

অসম জাতিৰ খবৰ, ৫ নৱেম্বৰঃ

যুৱ অলিম্পিক গেমছৰ বেডমিণ্টন প্ৰতিযোগিতাত ইতিহাস ৰচনা কৰিলে ১৫ বছৰীয়া ভাৰতীয় শ্বাটলাৰ তনভী পাত্ৰীয়ে। বুধবাৰে মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত জাপানৰ দ্বিতীয় বাছনিৰ খেলুৱৈ ইউজুনো ৱাটানাবেক ২১-১৪, ১১-২১, ২১-১৯ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে তনভীয়ে।

৫৪ মিনিট ধৰি চলা উত্তেজনাপূৰ্ণ মেচখনত তনভীয়ে প্ৰথম গেমটো ২১-১৪ ব্যৱধানত জয় কৰে। কিন্তু দ্বিতীয় গেমত ৱাটানাবেই ২১-১১ ব্যৱধানত জয়ী হৈ মেচখন নিৰ্ণায়ক তৃতীয় গেমলৈ লৈ যায়।

তৃতীয় গেমত দুয়োগৰাকী খেলুৱৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হয়। অৱশেষত গুৰুত্বপূৰ্ণ মুহূৰ্তত ধৈৰ্য আৰু আত্মবিশ্বাস অক্ষুণ্ণ ৰাখি তনভীয়ে ২১-১৯ ব্যৱধানত জয় সাব্যস্ত কৰে।

এই সফলতাৰ জৰিয়তে তনভী যুৱ অলিম্পিক গেমছৰ বেডমিণ্টন মহিলাৰ ছিংগলছ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে। লগতে এই শাখাত ভাৰতৰ প্ৰথমটো পদকো নিশ্চিত কৰিলে তেওঁ। এতিয়া স্বৰ্ণ পদকৰ লক্ষ্যৰে ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰতীয় কিশোৰীগৰাকী।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

ক্ৰীড়া বিভাগৰ অধিক সংবাদ