🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › ৰাষ্ট্ৰীয় › দিল্লীৰ ‘শীশমহল’ প্ৰদৰ্শনে পঞ্জাবত বিপদত পেলাব ...
ৰাষ্ট্ৰীয়

দিল্লীৰ ‘শীশমহল’ প্ৰদৰ্শনে পঞ্জাবত বিপদত পেলাব নেকি আপক?

২০২৭ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অৰবিন্দ কেজৰিৱালৰ প্ৰাক্তন চৰকাৰী বাসভৱনক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ কৌশল বিজেপিৰ

দিল্লীৰ ‘শীশমহল’ প্ৰদৰ্শনে পঞ্জাবত বিপদত পেলাব নেকি আপক?

অসম জাতিৰ খবৰ, ২০ নৱেম্বৰঃ পঞ্জাবত ২০২৭ চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি আম আদমি পাৰ্টিৰ বিৰুদ্ধে নতুন ৰাজনৈতিক কৌশল গ্ৰহণৰ দিশে আগবাঢ়িছে বিজেপি। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসভৱনক ‘শীশমহল’ আখ্যা দি জনসাধাৰণৰ বাবে প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিবলৈ সাজু হৈছে দিল্লীৰ বিজেপি চৰকাৰ। এই পদক্ষেপে পঞ্জাবত আপ চৰকাৰৰ ভাবমূৰ্তিত প্ৰভাৱ পেলাব পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চা আৰম্ভ হৈছে।

উল্লেখ্য যে দিল্লীৰ ফ্লেগষ্টাফ ৰোডস্থিত কেজৰিৱালৰ প্ৰাক্তন চৰকাৰী বাসভৱনৰ সৌন্দৰ্যসজ্জা আৰু নিৰ্মাণকাৰ্যক লৈ পূৰ্বৰে পৰা বিতৰ্ক চলি আহিছে। ২০২৬ চনৰ মাৰ্চ মাহত প্ৰকাশিত নিয়ন্ত্ৰক আৰু মহাগাণনিকৰ নিৰীক্ষণ প্ৰতিবেদনত বাসভৱনটোৰ মেৰামতি আৰু নিৰ্মাণৰ ব্যয় ৩৩.৬৬ কোটি টকা হোৱা বুলি উল্লেখ কৰা হৈছিল। প্ৰাৰম্ভিক অনুমানতকৈ এই ব্যয় প্ৰায় ৩৪২ শতাংশ অধিক বুলি প্ৰতিবেদনত প্ৰকাশ পোৱাৰ লগতে প্ৰক্ৰিয়াগত বিসংগতিৰ কথাও উত্থাপন হৈছিল।

বিজেপিয়ে ২০২৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনৰ সময়তো কেজৰিৱালৰ বাসভৱনক নিৰ্বাচনী প্ৰচাৰৰ অন্যতম বিষয় হিচাপে ব্যৱহাৰ কৰিছিল। সেই সময়ত ‘শীশমহল’ক কেন্দ্ৰ কৰি আপৰ বিৰুদ্ধে দুৰ্নীতি আৰু বিলাসিতাৰ অভিযোগেৰে সৰৱ হৈছিল দলটো। এতিয়া বাসভৱনটো জনসাধাৰণৰ বাবে মুকলি কৰাৰ সিদ্ধান্তই বিজেপিক পুনৰ সেই বিতৰ্ক উত্থাপনৰ সুযোগ দিব বুলি ধাৰণা কৰা হৈছে।

ইফালে, পঞ্জাবত আপ চৰকাৰে বিগত চাৰি বছৰে নিজৰ এক সুকীয়া আঞ্চলিক পৰিচয় গঢ়ি তোলাৰ চেষ্টা চলাই আহিছে। দিল্লীৰ ৰাজনৈতিক বিতৰ্কই পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ চৰকাৰক কিমান প্ৰভাৱিত কৰিব, সেয়া হ’ব লক্ষ্যণীয়। দিল্লীৰ বাসভৱনৰ দেৱালত কেজৰিৱালৰ নামৰ পৰিৱৰ্তে ভগৱন্ত মানৰ নামক অধিক গুৰুত্ব দিয়াৰ বিষয়টোৱেও ৰাজনৈতিক চৰ্চা লাভ কৰিছে। অৱশ্যে ‘শীশমহল’ বিতৰ্কই পঞ্জাবৰ ভোটাৰৰ মনত কিমান প্ৰভাৱ পেলাব, সেয়া নিৰ্বাচনৰ সময়তহে স্পষ্ট হ’ব।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

ৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ