মেটাৰ কাৰ্যালয়ত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ, ভাঙিলে ফুলৰ টাব
সামাজিক মাধ্যমৰ একাউণ্টত নিষেধাজ্ঞা আৰোপৰ অভিযোগ; সাত দিনৰ সময়সীমা বান্ধি দিলে মেটাক
অসম জাতিৰ খবৰ, হায়দৰাবাদ, ২১ নৱেম্বৰঃ সামাজিক মাধ্যমৰ একাউণ্টত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰতিবাদত শুকুৰবাৰে হায়দৰাবাদস্থিত মেটাৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে তেলেংগানা যুৱ কংগ্ৰেছৰ কৰ্মীসকলে। প্ৰতিবাদকাৰীসকলে কাৰ্যালয় চৌহদত প্ৰৱেশ কৰি শ্ল’গান দিয়াৰ লগতে কেইবাটাও ফুলৰ টাব ভাঙি ক্ষতিসাধন কৰে।
ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভাপতি জাক্কিডি শিৱচৰণ ৰেড্ডীৰ নেতৃত্বত সাব্যস্ত কৰা এই প্ৰতিবাদত মেটা আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়া হয়। সামাজিক মাধ্যমৰ মঞ্চসমূহত ৰাজনৈতিক হস্তক্ষেপ চলাৰ অভিযোগ উত্থাপন কৰি নিষিদ্ধ কৰা কেইবাটাও পোষ্ট পুনৰ মুকলি কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।
যুৱ কংগ্ৰেছে সামাজিক মাধ্যম ‘এক্স’ত প্ৰকাশ কৰা এটা পোষ্টযোগে মেটাক সাত দিনৰ সময়সীমা বান্ধি দিয়ে। এই সময়ৰ ভিতৰত নিষেধাজ্ঞা আৰোপ কৰা একাউণ্ট আৰু পোষ্টসমূহ পুনৰ মুকলি নকৰিলে আন্দোলন অধিক তীব্ৰ কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে। অভিযোগ অনুসৰি, যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু চিব আৰু ৰাষ্ট্ৰীয় প্ৰভাৰী মনীষ শৰ্মাৰ সামাজিক মাধ্যমৰ একাউণ্টত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।
প্ৰতিবাদকাৰীসকলে মেটাৰ ওচৰত চাৰিটা দাবী উত্থাপন কৰে। যোৱা ছমাহত চৰকাৰী নিৰ্দেশত কিমান ভাৰতীয় একাউণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু বৰ্তমান কিমান একাউণ্ট বন্ধ হৈ আছে, তাৰ তথ্য প্ৰকাশ কৰিবলৈ দাবী জনায়। ৰাহুল গান্ধীৰ নাম উল্লেখ কৰা অথবা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক সমালোচনা কৰা পোষ্ট স্বয়ংক্ৰিয়ভাৱে কিয় বন্ধ কৰা হয়, তাৰো ব্যাখ্যা বিচাৰে।
ইয়াৰ উপৰি বিৰোধী নেতা, সাংবাদিক আৰু সমল সৃষ্টিকাৰীৰ বিৰুদ্ধে আৰোপ কৰা বুলি অভিযোগ কৰা অবৈধ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ লগতে ভাৰতীয় সংবিধানৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ দাবী জনায় যুৱ কংগ্ৰেছে। দাবীসমূহ পূৰণ নকৰিলে আদালত, ৰাজপথ আৰু কাৰ্যালয়ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে সংগঠনটোৱে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
ৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ
ৰাষ্ট্ৰীয়