কেব ভাড়া ৩০০ৰ পৰা ৮০০ টকালৈ বৃদ্ধি, ধৰ্মঘটত যাত্ৰী হাৰাশাস্তি
দিল্লী-এনচিআৰ, পঞ্জাব আৰু হাৰিয়ানাত টেক্সি-অটোৰ প্ৰতিবাদৰ প্ৰভাৱ
অসম জাতিৰ খবৰ, ২০ নৱেম্বৰঃ
টেক্সি আৰু অটোৰ চালক-কৰ্মচাৰীৰ ধৰ্মঘটৰ ফলত বৃহস্পতিবাৰে পুৱাৰে পৰা দিল্লী-এনচিআৰ অঞ্চলত যাত্ৰীসকলৰ ব্যাপক অসুবিধাৰ সৃষ্টি হয়। ধৰ্মঘটৰ প্ৰভাৱত কেবৰ ভাড়া অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত কৰ্মস্থলীলৈ যোৱা যাত্ৰীসকলে অধিক ধন ব্যয় কৰিবলগীয়া হয়।
সাধাৰণতে প্ৰায় ৩০০ টকা ভাড়া হোৱা যাত্ৰাৰ বাবদ কেব সেৱাৰ ভাড়া ৮০০ টকাৰো অধিক হয়। দক্ষিণ দিল্লীৰ পৰা নয়ডাৰ ফিল্ম চিটিলৈ ১৩ কিলোমিটাৰ যাত্ৰাৰ বাবে এগৰাকী যাত্ৰীয়ে ৮০৩ টকা পৰিশোধ কৰিবলগীয়া হোৱা বুলি বাতৰিটোত উল্লেখ কৰা হৈছে।
পুৱা প্ৰায় ৯ বজাত গ্ৰেটাৰ কৈলাশৰ পৰা ফিল্ম চিটিলৈ কেবৰ ভাড়া ৪০০ টকাৰো অধিক দেখুওৱা হৈছিল। কাৰ্যালয়লৈ যোৱাৰ সময়ত যাত্ৰীৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে পুৱা প্ৰায় ১০ বজাত ভাড়া ৫০০ টকা অতিক্ৰম কৰে।
উচ্চতৰ অটো আৰু টেক্সি ভাড়াকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত পৰিবহণ সংগঠনসমূহে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। দিল্লী-এনচিআৰৰ লগতে পঞ্জাব আৰু হাৰিয়ানাতো ধৰ্মঘটৰ প্ৰভাৱ পৰিছে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
ৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ
ৰাষ্ট্ৰীয়