টাইমৰ ২০২৬ৰ তালিকাত উত্তৰ-পূৰ্বাঞ্চলৰ লাভলীনা, মেৰী কম আৰু থেজা ৰিঅ’
ক্ৰীড়া আৰু চলচ্চিত্ৰ জগতত বিশেষ অৱদানৰ স্বীকৃতি, বিশ্বমঞ্চত উজলিল উত্তৰ-পূৰ্বাঞ্চলৰ তিনিগৰাকী প্ৰতিভা
অসম জাতিৰ খবৰ, ১৯ নৱেম্বৰঃ
বিশ্ব ক্ৰীড়া আৰু সৃষ্টিশীল জগতত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাই পুনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। অলিম্পিক পদক বিজয়ী অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁই, ভাৰোত্তোলক মীৰাবাই চানু আৰু নাগালেণ্ডৰ চলচ্চিত্ৰ নিৰ্মাতা থেজা ৰিঅ’ই ‘টাইম ১০০ নেক্সট ইণ্ডিয়া ২০২৬’ৰ প্ৰথমখন তালিকাত স্থান লাভ কৰিছে। ভাৰতৰ ভৱিষ্যৎ গঢ় দিয়াত ভূমিকা গ্ৰহণ কৰা ১০০গৰাকী উদীয়মান ব্যক্তিত্বক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
অসমৰ লাভলীনা বৰগোহাঁইয়ে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি অসমৰ প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী হিচাপে ইতিহাস ৰচনা কৰিছিল। ইয়াৰ পাছত ২০২৩ চনৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৭৫ কেজি শাখাত স্বৰ্ণ, হাংঝৌ এছিয়ান গেমছত ৰূপৰ পদক আৰু ২০২৬ চনৰ এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰি নিজৰ ক্ৰীড়া কেৰিয়াৰ অধিক সমৃদ্ধ কৰে।
‘টাইম’ত প্ৰকাশিত প্ৰফাইলত ক্ৰীড়া সাংবাদিক শাৰদা উগ্ৰাই লাভলীনাৰ প্ৰশংসা কৰি তেওঁক অসমৰ পৰিচয় আৰু স্বকীয়তাৰ প্ৰতিফলন বুলি উল্লেখ কৰে। লগতে তেওঁৰ সাফল্যই ভাৰতৰ অধিকসংখ্যক মহিলা বক্সাৰক আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰিব বুলি মত প্ৰকাশ কৰে।
আনহাতে, মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুৱেও তালিকাত স্থান লাভ কৰিছে। অলিম্পিকত ৰূপৰ পদক, বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ আৰু কমনৱেলথ গেমছত একাধিক সাফল্যৰে তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত নিজৰ স্থান সুদৃঢ় কৰিছে। ২০২৬ চনৰ এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰিও তেওঁ পুনৰ চৰ্চালৈ আহিছে। মডিনগৰত স্থাপন কৰা ‘ৱেইটলিফটিং ৱাৰিয়ৰ্ছ’ একাডেমীৰ জৰিয়তে নতুন প্ৰজন্মৰ ভাৰোত্তোলকক প্ৰশিক্ষণ দিয়াৰ কামো কৰি আহিছে চানুৱে।
তৃতীয়গৰাকী ব্যক্তিত্ব নাগালেণ্ডৰ চলচ্চিত্ৰ নিৰ্মাতা থেজা ৰিঅ’। তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘আং’ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত হৈছে। কন্যাক জনগোষ্ঠীৰ সংস্কৃতি আৰু পৰিচয়ৰ আধাৰত নিৰ্মিত ছবিখনে নাগালেণ্ডৰ এখন গাঁৱৰ সামাজিক আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ কাহিনী দাঙি ধৰিছে। টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে ‘প্লেটফৰ্ম বঁটা’ লাভ কৰে। মহোৎসৱৰ নতুন নিয়ম অনুসৰি ছবিখন শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ অস্কাৰ প্ৰতিযোগিতাৰ বাবেও বিবেচনাৰ সুযোগ লাভ কৰিছে।
থেজা ৰিঅ’ই নিজৰ ছবিত কন্যাক জনগোষ্ঠীৰ লোকসকলৰ দৃষ্টিভংগীক প্ৰাধান্য দিয়াৰ কথা উল্লেখ কৰিছে। ছবিখনত জনগোষ্ঠীটোৰ লোকসকলক নিজৰ মাতৃভাষাত অভিনয়ৰ সুযোগ দিয়াৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰিছে।
তিনিওগৰাকী ব্যক্তিত্বৰ এই স্বীকৃতিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া, সংস্কৃতি আৰু সৃষ্টিশীল প্ৰতিভাক আন্তঃৰাষ্ট্ৰীয় মঞ্চত অধিক পৰিচিত কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।