🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › ক্ৰীড়া › তুৰস্কৰ বিৰুদ্ধে খেলিবলৈ সাজু কিলিয়ান এমবাপে
ক্ৰীড়া

তুৰস্কৰ বিৰুদ্ধে খেলিবলৈ সাজু কিলিয়ান এমবাপে

ফ্ৰান্সৰ প্ৰশিক্ষক জিনেদিন জিদানৰ ঘোষণা; নেশ্যনছ লীগৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰাৰ লক্ষ্য ফ্ৰান্সৰ

তুৰস্কৰ বিৰুদ্ধে খেলিবলৈ সাজু কিলিয়ান এমবাপে

অসম জাতিৰ খবৰ, ১৫ নৱেম্বৰঃ

ফ্ৰান্সৰ তাৰকা ফুটবলাৰ কিলিয়ান এমবাপে পুনৰ খেলপথাৰলৈ উভতি অহাৰ বাবে সাজু হৈছে। শনিবাৰে ফ্ৰান্সৰ প্ৰশিক্ষক জিনেদিন জিদানে নিশ্চিত কৰে যে দেওবাৰে তুৰস্কৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া উৱেফা নেশ্যনছ লীগৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত এমবাপে খেলিবলৈ উপলব্ধ হ’ব।

হেমষ্ট্ৰিঙৰ সমস্যাৰ বাবে বৃহস্পতিবাৰে ইটালীৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত অংশ ল’ব পৰা নাছিল ৰিয়েল মাদ্ৰিদৰ আক্ৰমণভাগৰ তাৰকাগৰাকীয়ে। জিদানে কয়, “কাইলৈ তেওঁ আমাৰ সৈতে থাকিব।” চলিত ছিজনত ৰিয়েল মাদ্ৰিদৰ হৈ সকলো প্ৰতিযোগিতা মিলাই ১৭টা গ’ল কৰা এমবাপে আঘাতৰ বাবে ফ্ৰান্সৰ পূৰ্বৰ তিনিখন খেলৰ পৰা আঁতৰি আছিল।

এমবাপেৰ প্ৰত্যাৱৰ্তনক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি জিদানে কয় যে দলত তেওঁ থকাটো নথকাতকৈ বহু বেছি লাভজনক। লগতে প্ৰশিক্ষক আৰু এমবাপেৰ মাজত মতানৈক্য থকা বুলি প্ৰচাৰিত ধাৰণাও তেওঁ নাকচ কৰে। দুয়োৰে সম্পৰ্ক সুদৃঢ় বুলি উল্লেখ কৰি এনে চৰ্চাক ভিত্তিহীন আৰু বিৰক্তিকৰ আখ্যা দিয়ে।

উল্লেখ্য যে গ্ৰুপ ‘এ১’ত বৰ্তমান ১০ পইণ্টেৰে ফ্ৰান্স দ্বিতীয় স্থানত আছে। একে পইণ্টেৰে ইটালীও সমান অৱস্থাত আছে। বৰডোত তুৰস্কৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া খেলখনত ড্ৰ কৰিলেই ফ্ৰান্সে নেশ্যনছ লীগৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিব পাৰিব।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

ক্ৰীড়া বিভাগৰ অধিক সংবাদ