🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › আন্তঃৰাষ্ট্ৰীয় › বাংলাদেশত ৰাজনৈতিক সংঘাত তীব্ৰ, মুহাম্মদ ইউনুছৰ...
আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশত ৰাজনৈতিক সংঘাত তীব্ৰ, মুহাম্মদ ইউনুছৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ

আৱামী লীগৰ ৰাজপথলৈ উভতি অহাৰ মাজতে বিভিন্ন স্থানত হিংসাত্মক ঘটনা, লক্ষ্যবস্তু গ্ৰীণ বেংক আৰু বি এন পিৰ কাৰ্যালয়ো

বাংলাদেশত ৰাজনৈতিক সংঘাত তীব্ৰ, মুহাম্মদ ইউনুছৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ

অসম জাতিৰ খবৰ, বাংলাদেশ, ১৯ নৱেম্বৰঃ

বাংলাদেশত নিষিদ্ধ ঘোষিত আৱামী লীগৰ ৰাজনৈতিক তৎপৰতাক কেন্দ্ৰ কৰি দেশখনৰ বিভিন্ন স্থানত হিংসাত্মক ঘটনা বৃদ্ধি পাইছে। গোপালগঞ্জৰ পৰা চট্টগ্ৰাম আৰু ঢাকালৈকে অগ্নিসংযোগ, বোমা বিস্ফোৰণ আৰু ৰাজনৈতিক সংঘৰ্ষৰ খবৰে পৰিস্থিতি উত্তপ্ত কৰি তুলিছে। এই ঘটনাৰ মাজতে দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰাক্তন মুখ্য উপদেষ্টা মুহাম্মদ ইউনুছৰ পৈতৃক বাসগৃহতো অগ্নিসংযোগ কৰা হয়।

চট্টগ্ৰামৰ পাঞ্চলাইশ অঞ্চলত অৱস্থিত বাসগৃহটোৰ তলৰ মহলাৰ এটা পৰিত্যক্ত কোঠাত নিশা প্ৰায় ১১.৩০ বজাত জুই লাগে। অচিনাক্ত লোকৰ দ্বাৰা অগ্নিসংযোগৰ ফলত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অঞ্চলটোত টহল দি থকা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণ কৰে।

পাঞ্চলাইশ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মোজাম্মেল হকে জনোৱা মতে, বাসগৃহটোৰ তলৰ মহলাত কোনো লোক নাথাকে আৰু কোঠাটো দীৰ্ঘদিন ধৰি ব্যৱহাৰ নোহোৱাকৈ আছিল। অট্টালিকাটোৰ দ্বিতীয় আৰু তৃতীয় মহলাত ইউনুছৰ দুই ভাতৃৰ পৰিয়ালে বাস কৰে।

ইফালে, আৱামী লীগৰ নেত্ৰী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ভাৰতৰ পৰা বাংলাদেশলৈ উভতি অহাৰ পৰিকল্পনাক কেন্দ্ৰ কৰি ৰাজনৈতিক উত্তেজনা বৃদ্ধি পাইছে। দলটোৰ ৰাজপথত শক্তি প্ৰদৰ্শনৰ প্ৰচেষ্টাৰ মাজতে গ্ৰীণ বেংকৰ শাখা আৰু বাংলাদেশ জাতীয়তাবাদী দলৰ কাৰ্যালয়তো আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি বাতৰিত প্ৰকাশ পাইছে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী তথা বাংলাদেশ জাতীয়তাবাদী দলৰ নেতা তাৰেক ৰহমানে দলীয় কৰ্মীসকলক আৱামী লীগৰ ৰাজনৈতিক কাৰ্যকলাপৰ মোকাবিলা কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে, ২০২৪ চনৰ জুলাই-আগষ্ট মাহৰ আন্দোলনৰ পাছত শ্বেখ হাছিনাই দেশ এৰাৰ পিছত মুহাম্মদ ইউনুছে অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাৰ দায়িত্ব গ্ৰহণ কৰিছিল।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

আন্তঃৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ