🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › আন্তঃৰাষ্ট্ৰীয় › ৰোহিংগীয়া গণহত্যাৰ গোচৰত ম্যানমাৰক দোষী সাব্যস...
আন্তঃৰাষ্ট্ৰীয়

ৰোহিংগীয়া গণহত্যাৰ গোচৰত ম্যানমাৰক দোষী সাব্যস্ত কৰিলে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে

ঐতিহাসিক ৰায়ত নিৰাপদে স্বদেশলৈ উভতাৰ ব্যৱস্থা আৰু ক্ষতিপূৰণৰ নিৰ্দেশ; ২০১৭ৰ সামৰিক অভিযানক লৈ কঠোৰ মন্তব্য

ৰোহিংগীয়া গণহত্যাৰ গোচৰত ম্যানমাৰক দোষী সাব্যস্ত কৰিলে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে

অসম জাতিৰ খবৰ, ২০ নৱেম্বৰঃ ৰোহিংগীয়া সংখ্যালঘু জনগোষ্ঠীৰ বিৰুদ্ধে গণহত্যা সংঘটিত কৰাৰ অভিযোগত ম্যানমাৰক দোষী সাব্যস্ত কৰিছে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে। বৃহস্পতিবাৰে প্ৰদান কৰা এক ঐতিহাসিক ৰায়ত ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ ন্যায়িক সংস্থাটোৱে হিংসাৰ বলি হৈ দেশ এৰি পলায়ন কৰা শৰণাৰ্থীসকলৰ নিৰাপদে স্বদেশলৈ উভতি যোৱাৰ ব্যৱস্থা কৰিবলৈ ম্যানমাৰক নিৰ্দেশ দিয়াৰ লগতে ক্ষতিপূৰণৰ কথাও উল্লেখ কৰে।

হেগস্থিত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ৰায় ঘোষণা কৰি সভাপতি ইউজি ইৱাছাৱাই কয় যে উত্তৰ ৰাখাইন ৰাজ্যত ৰোহিংগীয়া জনগোষ্ঠীৰ বিৰুদ্ধে ম্যানমাৰে গণহত্যা সংঘটিত কৰিছে। আদালতৰ মতে, ২০১৭ চনৰ সামৰিক অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে হাজাৰ হাজাৰ সাধাৰণ নাগৰিকক হত্যা কৰাৰ লগতে মহিলা আৰু শিশুৰ বিৰুদ্ধে ব্যাপক নিৰ্যাতন চলাইছিল। ৰোহিংগীয়া গাঁওসমূহ পৰিকল্পিতভাৱে ধ্বংস কৰাৰ তথ্যও আদালতে উল্লেখ কৰে।

আদালতে ম্যানমাৰক হিংসাৰ ফলত দেশ এৰি যোৱা লোকসকলৰ নিৰাপদ, স্বেচ্ছামূলক আৰু মৰ্যাদাপূৰ্ণ প্ৰত্যাৱৰ্তনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। গণহত্যাৰ অভিযোগত জড়িত সন্দেহযুক্ত লোকসকলৰ বিৰুদ্ধে তদন্ত আৰু আইনগত ব্যৱস্থা গ্ৰহণৰ লগতে ক্ষতিপূৰণৰ বিষয়টোও নিৰ্ধাৰণ কৰিবলৈ কোৱা হৈছে। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ৰায় বাধ্যতামূলক হ’লেও ইয়াক কাৰ্যকৰী কৰাৰ নিজা বলৱৎকাৰী ব্যৱস্থা নাই।

উল্লেখযোগ্য যে ২০১৭ চনৰ সামৰিক অভিযানৰ ফলত লাখ লাখ ৰোহিংগীয়া নাগৰিকে চুবুৰীয়া বাংলাদেশলৈ পলায়ন কৰিবলগীয়া হৈছিল। বৰ্তমান বাংলাদেশৰ শৰণাৰ্থী শিবিৰসমূহত ১০ লাখৰো অধিক ৰোহিংগীয়া লোক বাস কৰি আছে। ১৯৪৮ চনৰ ৰাষ্ট্ৰসংঘৰ গণহত্যা প্ৰতিৰোধ চুক্তিৰ আধাৰত গাম্বিয়াই ম্যানমাৰৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছিল। বিগত সাত বছৰ ধৰি ১৫গৰাকী ন্যায়াধীশৰ বিচাৰপীঠে গোচৰটোৰ শুনানি গ্ৰহণ কৰি আহিছিল।

ম্যানমাৰে অৱশ্যে গণহত্যাৰ অভিযোগ অস্বীকাৰ কৰি আহিছে। দেশখনৰ প্ৰতিনিধিয়ে যুক্তি দিছিল যে সামৰিক অভিযান বিদ্ৰোহী গোটৰ আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপেহে চলোৱা হৈছিল। আনহাতে, এই ৰায়ে ম্যানমাৰৰ শাসক মিন আং হ্লাইঙৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চাপ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। বাংলাদেশৰ শৰণাৰ্থী শিবিৰত থকা ৰোহিংগীয়া লোকসকলৰ বাবে ৰায়টোৱে ন্যায় লাভৰ নতুন আশাৰ সৃষ্টি কৰিছে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

আন্তঃৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ