🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › ক্ৰীড়া › লক্ষ্য সেনৰ জয়যাত্ৰা, কুমামোটো মাষ্টাৰ্ছৰ ছেমি...
ক্ৰীড়া

লক্ষ্য সেনৰ জয়যাত্ৰা, কুমামোটো মাষ্টাৰ্ছৰ ছেমিফাইনেলত প্ৰৱেশ

জাপানৰ ইউছি টানাকাক পোনপটীয়া খেলত পৰাস্ত কৰিলে ভাৰতীয় শ্বাটলাৰে, বিদায় শ্ৰীকান্তৰ

লক্ষ্য সেনৰ জয়যাত্ৰা, কুমামোটো মাষ্টাৰ্ছৰ ছেমিফাইনেলত প্ৰৱেশ

অসম জাতিৰ খবৰ, ১৩ নৱেম্বৰঃ

জাপানত অনুষ্ঠিত কুমামোটো মাষ্টাৰ্ছ ছুপাৰ ৫০০ বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেনে। শুকুৰবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ ১৩ নম্বৰ স্থানপ্ৰাপ্ত লক্ষ্যই জাপানৰ ইউছি টানাকাক ২১-১৬, ২১-১৫ ব্যৱধানত পৰাস্ত কৰে। মাত্ৰ ৪০ মিনিটতে মেচখনত জয় সাব্যস্ত কৰে অষ্টম বাছনিৰ ভাৰতীয় খেলুৱৈগৰাকীয়ে।

শেহতীয়াকৈ হাইলো অপেনৰ খিতাপ জয় কৰা লক্ষ্য সেন বৰ্তমান বিশ্ব বেডমিণ্টন ভ্ৰমণ ৰেংকিঙত ৬৪,৯৮০ পইণ্টেৰে দ্বাদশ স্থানত আছে। চীনত অনুষ্ঠিত হ’বলগীয়া ছিজনৰ অন্তিম প্ৰতিযোগিতাত যোগ্যতা অৰ্জন কৰিবলৈ তেওঁ শীৰ্ষ আঠৰ ভিতৰত স্থান লাভ কৰিব লাগিব। ছেমিফাইনেলত লক্ষ্যই ইণ্ডোনেছিয়াৰ ষষ্ঠ বাছনিৰ আলৱি ফাৰহানৰ মুখামুখি হ’ব। পূৰ্বৰ দুয়োখন মুখামুখি মেচতে ফাৰহানৰ হাতত পৰাস্ত হৈছিল ভাৰতীয় খেলুৱৈগৰাকী।

ইফালে, আন এগৰাকী ভাৰতীয় খেলুৱৈ কিদাম্বি শ্ৰীকান্তে কোৱাৰ্টাৰ ফাইনেলতে অভিযান সামৰিবলগীয়া হয়। বিশ্বৰ ৩১ নম্বৰ স্থানপ্ৰাপ্ত শ্ৰীকান্তে জাপানৰ বিশ্বৰ ১৫ নম্বৰ স্থানৰ কোকি ৱাটানাবেৰ হাতত ২২-২৪, ১৫-২১ ব্যৱধানত পৰাস্ত হয়। প্ৰথমখন খেলত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পিছত দ্বিতীয়খন খেলত ১২-৫ ব্যৱধানত আগবাঢ়িও ধাৰাবাহিক ভুলৰ বাবে মেচখন হেৰুৱায় তেওঁ।

উল্লেখ্য যে বৃহস্পতিবাৰে শ্ৰীকান্তে বিশ্বৰ অষ্টম স্থানৰ খেলুৱৈ তথা দুবাৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী জাপানৰ কোডাই নাৰাওকাক পৰাস্ত কৰি চমক সৃষ্টি কৰিছিল। কিন্তু শুকুৰবাৰে সেই ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম নহ’ল ভাৰতীয় শ্বাটলাৰগৰাকী।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

ক্ৰীড়া বিভাগৰ অধিক সংবাদ