🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › ক্ৰীড়া › আঞ্চলিক পৰিস্থিতিৰ বাবে পিছুৱালে ২০২৭ৰ এছিয়ান কাপ
ক্ৰীড়া

আঞ্চলিক পৰিস্থিতিৰ বাবে পিছুৱালে ২০২৭ৰ এছিয়ান কাপ

আঞ্চলিক পৰিস্থিতিৰ বাবে পিছুৱালে ২০২৭ৰ এছিয়ান কাপ

আঞ্চলিক পৰিস্থিতিৰ বাবে পিছুৱালে ২০২৭ৰ এছিয়ান কাপ

অসম জাতিৰ খবৰ, ৰিয়াধ, ৩ নৱেম্বৰঃ

পশ্চিম এছিয়াৰ আঞ্চলিক পৰিস্থিতিৰ বাবে পিছুৱাই দিয়া হৈছে চৌদি আৰৱত অনুষ্ঠিত হ’বলগীয়া ২০২৭ চনৰ এছিয়ান কাপ ফুটবল প্ৰতিযোগিতা। পূৰ্বৰ সূচী অনুসৰি ২০২৭ চনৰ ৭ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ কথা আছিল। নতুন সূচী অনুসৰি ২০২৭ চনৰ ২৩ ডিচেম্বৰৰ পৰা ২০২৮ চনৰ ২১ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখন।

এছিয়ান ফুটবল কনফেডাৰেচনে (এ এফ চি) মঙলবাৰে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে। সংস্থাটোৰ মতে, অঞ্চলটোৰ ব্যতিক্ৰমী পৰিস্থিতি, যাতায়াতৰ অসুবিধা আৰু ব্যাপক পৰিবহণজনিত জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিযোগিতাখনৰ সময়সূচী সলনি কৰা হৈছে।

চৌদি আৰৱত হুথি আক্ৰমণৰ পিছত শেহতীয়াকৈ কেইবাটাও বৃহৎ ক্ৰীড়া অনুষ্ঠান বাতিল বা পিছুৱাই দিয়া হৈছে। এনে পৰিস্থিতিত প্ৰতিযোগিতাখনৰ আয়োজন সন্দৰ্ভত চৌদি কৰ্তৃপক্ষ আৰু এ এফ চিৰ মাজত বিস্তৃত আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এ এফ চিয়ে জনোৱা মতে, নতুন তাৰিখসমূহ অনুমোদনৰ বাবে বিশ্ব ফুটবলৰ নিয়ন্ত্ৰক সংস্থা ফিফালৈ প্ৰেৰণ কৰা হ’ব।

উল্লেখ্য যে, প্ৰতিযোগিতাখনৰ মেচসমূহ চৌদি আৰৱৰ জেদ্দা, ৰিয়াধ আৰু আল খোবাৰ চহৰত অনুষ্ঠিত হোৱাৰ কথা। খেলুৱৈ, বিষয়া, দৰ্শক আৰু সংশ্লিষ্ট সকলো পক্ষৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰতিযোগিতাখন পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

ক্ৰীড়া বিভাগৰ অধিক সংবাদ