🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › ক্ৰীড়া › আই পি এলত খেলাৰ চৰ্চা নাকচ মহম্মদ আমিৰৰ
ক্ৰীড়া

আই পি এলত খেলাৰ চৰ্চা নাকচ মহম্মদ আমিৰৰ

এক্সত স্পষ্টীকৰণ পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰগৰাকীৰ; ব্ৰিটিছ নাগৰিক হিচাপে আফগানিস্তান প্ৰিমিয়াৰ লীগত পঞ্জীয়ন।

আই পি এলত খেলাৰ চৰ্চা নাকচ মহম্মদ আমিৰৰ

অসম জাতিৰ খবৰ, ৩ নৱেম্বৰঃ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত খেলাৰ সম্ভাৱনাক লৈ চলা চৰ্চা নাকচ কৰিছে পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ মহম্মদ আমিৰে। সোমবাৰে ব্ৰিটিছ নাগৰিক হিচাপে আফগানিস্তান প্ৰিমিয়াৰ লীগত পঞ্জীয়ন কৰাৰ পিছতে তেওঁ আই পি এলতো খেলিব পাৰে বুলি চৰ্চা চলিছিল।

সামাজিক মাধ্যম এক্সত এটা পোষ্টৰ জৰিয়তে আমিৰে এই বাতৰিক অসত্য বুলি স্পষ্ট কৰে। তেওঁ কয় যে আই পি এলত পঞ্জীয়ন কৰাৰ সন্দৰ্ভত প্ৰকাশিত খবৰ সঁচা নহয়।

উল্লেখ্য যে, চলিত বৰ্ষত ব্ৰিটিছ নাগৰিকত্ব লাভ কৰা আমিৰে পূৰ্বে ‘দ্য হাণ্ড্ৰেড’ প্ৰতিযোগিতাত স্থানীয় খেলুৱৈ হিচাপে অংশগ্ৰহণ কৰিছিল। তেওঁৰ পত্নী নাৰজিছ খানৰ জৰিয়তে তেওঁ ব্ৰিটিছ নাগৰিকত্ব লাভ কৰে।

আমিৰৰ মতে, কাউণ্টি চেম্পিয়নশ্বিপ আৰু ‘দ্য হাণ্ড্ৰেড’ৰ দৰে প্ৰতিযোগিতাত স্থানীয় খেলুৱৈ হিচাপে খেলিবলৈ আন এখন দেশৰ হৈ স্থানীয় খেলুৱৈ হিচাপে অংশগ্ৰহণ নকৰাৰ প্ৰতিশ্ৰুতি-পত্ৰত স্বাক্ষৰ কৰিব লাগে। সেয়েহে পাকিস্তানৰ হৈ ক্ৰিকেট খেলাৰ অধ্যায় সামৰণি পৰা বুলি তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে, পাকিস্তানৰ খেলুৱৈসকলৰ বাবে আই পি এলত অংশগ্ৰহণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছে। অৱশ্যে পূৰ্বে ব্ৰিটিছ নাগৰিকত্ব লাভ কৰা আজহাৰ মাহমুদে ২০১২ৰ পৰা ২০১৫ চনলৈ আই পি এলত অংশগ্ৰহণ কৰিছিল।

২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা আমিৰে পাকিস্তানৰ হৈ ৩৬খন টেষ্ট, ৬১খন এদিনীয়া আৰু ৬২খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

ক্ৰীড়া বিভাগৰ অধিক সংবাদ