মুদ্ৰাস্ফীতিৰ সৈতে ফেৰ মাৰিব পৰা নাই দৰমহাই, উদ্বিগ্ন ৬২% ভাৰতীয়
২৫ৰ পৰা ৩৪ বছৰ বয়সৰ ৭০% লোক চিন্তিত; জীৱন-যাপনৰ ব্যয় বৃদ্ধিয়ে সংকটত পেলাইছে মধ্যবিত্তক
অসম জাতিৰ খবৰ, নিউজ ডেস্ক, ২৮ অক্টোবৰ: দৰমহা বৃদ্ধি পালেও মুদ্ৰাস্ফীতিৰ সৈতে ফেৰ মাৰি চলিব পৰা নাই ভাৰতৰ কৰ্মৰত লোকসকলে। ঘৰভাড়া, খাদ্যসামগ্ৰী, শিক্ষা, চিকিৎসা আৰু দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহৰ ওপৰত ক্ৰমাৎ আৰ্থিক বোজা বৃদ্ধি কৰিছে। এনে পৰিস্থিতিত ভৱিষ্যতে আয়ৰ বৃদ্ধিয়ে মূল্যবৃদ্ধিৰ সৈতে মোকাবিলা কৰিব পাৰিবনে, তাক লৈ অধিকাংশ কৰ্মৰত ভাৰতীয়ৰ মাজত উদ্বেগ বৃদ্ধি পাইছে।
গ্ৰাণ্ট থৰ্ণটন ভাৰতৰ ২০২৬ চনৰ আৰ্থিক সহনশীলতা সম্পৰ্কীয় প্ৰতিবেদন অনুসৰি, দেশৰ ৬২ শতাংশ লোকে বিশ্বাস কৰে যে ভৱিষ্যতৰ মূল্যবৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোকৰ আয়ৰ বৃদ্ধি পৰ্যাপ্ত নহ’ব। ২৫ৰ পৰা ৩৪ বছৰ বয়সৰ লোকসকলৰ মাজত এই উদ্বেগৰ হাৰ ৭০ শতাংশ।
কেৱল বৃহৎ মহানগৰতে নহয়, সৰু চহৰসমূহতো এই উদ্বেগৰ প্ৰভাৱ স্পষ্ট হৈ পৰিছে। প্ৰতিবেদন অনুসৰি, দ্বিতীয় শ্ৰেণীৰ চহৰসমূহৰ ৭১ শতাংশ আৰু তৃতীয় শ্ৰেণীৰ চহৰসমূহৰ ৭০ শতাংশ উত্তৰদাতাই আশংকা প্ৰকাশ কৰিছে যে তেওঁলোকৰ আয়ৰ বৃদ্ধিয়ে মূল্যবৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ পৰ্যাপ্ত নহ’ব। আনহাতে, প্ৰথম শ্ৰেণীৰ চহৰসমূহত এই হাৰ প্ৰায় ৬১ শতাংশ।
গ্ৰাণ্ট থৰ্ণটন ভাৰতৰ অংশীদাৰ ৰামকুমাৰ সুব্ৰমণিয়নে সংবাদ মাধ্যমক জনোৱা মতে, মজুৰি বৃদ্ধিৰ তুলনাত জীৱন-যাপনৰ ব্যয় দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত মধ্যবিত্ত শ্ৰেণী তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে। তেওঁৰ মতে, কাগজে-কলমে আয় বৃদ্ধি পালেও ঘৰভাড়া, শিক্ষা আৰু চিকিৎসাৰ ব্যয় দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত মানুহৰ প্ৰকৃত ক্ৰয়ক্ষমতা যথেষ্ট হ্ৰাস পাইছে। ফলত দৰমহা বৃদ্ধি হোৱা সত্ত্বেও বহু পৰিয়ালৰ বাবে দৈনন্দিন খৰচ বহন কৰাটো ক্ৰমাৎ কঠিন হৈ পৰিছে।
প্ৰতিবেদনত লগতে প্ৰকাশ পাইছে যে প্ৰায় ৩২ শতাংশ উত্তৰদাতাই নিজৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী বুলি উল্লেখ কৰিছে। এনে পৰিস্থিতিত মূল্যবৃদ্ধি আৰু জীৱন-যাপনৰ ব্যয় বৃদ্ধিয়ে কেৱল ব্যক্তিগত খৰচতে সীমাবদ্ধ নাথাকি পৰিয়ালসমূহৰ সামগ্ৰিক আৰ্থিক নিৰাপত্তাৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।