জৰুৰীকালীন অৱস্থাৰ বাবে কেৱল সঞ্জয় গান্ধী দায়ী নাছিল: ছোনিয়া গান্ধী
ইন্দিৰা গান্ধীৰ ওপৰত জ্যেষ্ঠ সহযোগীসকলৰো হেঁচা আছিল বুলি মন্তব্য; গণতান্ত্ৰিক অধিকাৰ খৰ্ব হোৱা বুলি স্বীকাৰ।
অসম জাতিৰ খবৰ, ৭ নৱেম্বৰঃ
১৯৭৫ চনত ভাৰতত জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত সংঘটিত বিতৰ্কিত কাৰ্যকলাপৰ বাবে কেৱল সঞ্জয় গান্ধীক সম্পূৰ্ণৰূপে দায়ী কৰিব নোৱাৰি বুলি মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে। ‘দ্য হিন্দু’ কাকতৰ এন ৰামৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ওপৰত তেওঁৰ একাংশ জ্যেষ্ঠ সহযোগীৰ যথেষ্ট হেঁচা আছিল।
ছোনিয়া গান্ধীয়ে কয় যে জনসাধাৰণৰ মাজত জৰুৰীকালীন অৱস্থাৰ সৈতে সঞ্জয় গান্ধীৰ নাম প্ৰায়ে জড়িত হৈ থাকে যদিও সেই সময়ৰ সকলো সিদ্ধান্তৰ বাবে তেওঁ অকলে দায়ী নাছিল। তেওঁৰ মতে, ৰাজীৱ গান্ধীৰ দৰে কিছুসংখ্যক লোকেহে সেই সময়ত পৃথক মতামত প্ৰকাশ কৰিছিল। ৰাজীৱ গান্ধীয়ে বিভিন্ন লোকৰ অভিযোগ আৰু মতামত তেওঁৰ মাতৃ ইন্দিৰা গান্ধীক জনাইছিল বুলিও ছোনিয়াই উল্লেখ কৰে।
তেওঁ কয় যে অৱশেষত ইন্দিৰা গান্ধীয়ে নিজৰ বিবেচনাৰে পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰিছিল আৰু ভুলসমূহ সংশোধনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল।
জৰুৰীকালীন অৱস্থাক গণতন্ত্ৰবিৰোধী আৰু স্বৈৰাচাৰী অধ্যায় হিচাপে স্বীকৃতি দিয়া উচিত নেকি বুলি সোধাত ছোনিয়া গান্ধীয়ে স্বীকাৰ কৰে যে সেই সময়ত গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা হৈছিল। তেওঁৰ মতে, জৰুৰীকালীন অৱস্থাৰ সময়ত ‘হেবিয়াছ কৰ্পাছ’ৰ অধিকাৰো স্থগিত ৰখা হৈছিল, যদিও সেয়া সংবিধান অনুসৰিয়েই কৰা হৈছিল বুলি তেওঁ মন্তব্য কৰে।
উল্লেখ্য যে ছোনিয়া গান্ধীৰ স্মৃতিগ্ৰন্থ ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’ ১০ নৱেম্বৰত বিশ্বজুৰি প্ৰকাশ পাব। গ্ৰন্থখনত তেওঁৰ জীৱনৰ বিভিন্ন অভিজ্ঞতা আৰু ৰাজনৈতিক পৰিক্ৰমাৰ কথা স্থান লাভ কৰিছে। সাক্ষাৎকাৰত তেওঁ লগতে কয় যে জৰুৰীকালীন অৱস্থাৰ সময়ত হোৱা অতিমাত্ৰাৰ বাবে ইন্দিৰা গান্ধীয়ে পৰৱৰ্তী সময়ত ৰাজহুৱাভাৱে অনুশোচনা প্ৰকাশ কৰিছিল।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
সম্পাদকীয় বিভাগৰ অধিক সংবাদ
সম্পাদকীয়