🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › সম্পাদকীয় › আমেৰিকাৰ ইৰাণত নতুন আক্ৰমণৰ মাজতে শ্বেয়াৰ বজাৰ...
সম্পাদকীয়

আমেৰিকাৰ ইৰাণত নতুন আক্ৰমণৰ মাজতে শ্বেয়াৰ বজাৰত উত্থান

চেন্সেক্স ১,০০০ পইণ্টলৈ বৃদ্ধি; নিফটীও ঊৰ্ধ্বমুখী, ডলাৰৰ বিপৰীতে শক্তিশালী হ’ল টকা।

আমেৰিকাৰ ইৰাণত নতুন আক্ৰমণৰ মাজতে শ্বেয়াৰ বজাৰত উত্থান

অসম জাতিৰ খবৰ, মুম্বাই, ৩ নৱেম্বৰঃ

আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ মাজতে মঙলবাৰে ভাৰতীয় শ্বেয়াৰ বজাৰত ইতিবাচক ধাৰা দেখা যায়। ব্যৱসায়ৰ আৰম্ভণিতে চেন্সেক্স ৩৭০ পইণ্ট বৃদ্ধি পোৱাৰ বিপৰীতে নিফটী ১১১ পইণ্ট ঊৰ্ধ্বগামী হয়। পৰৱৰ্তী সময়ত চেন্সেক্সৰ উত্থান ১,০০০ পইণ্টৰ সীমা অতিক্ৰম কৰে।

ইফালে, ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যও বৃদ্ধি পায়। সোমবাৰে প্ৰতি ডলাৰৰ বিপৰীতে ৯৪.৯০ টকাত বন্ধ হোৱা ভাৰতীয় মুদ্ৰাই মঙলবাৰে পুৱা ২১ পইচা শক্তিশালী হৈ ৯৪.৬৯ টকাত মুকলি হয়।

আনহাতে, আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্ৰেণ্ট খাৰুৱা তেলৰ ভৱিষ্যৎ মূল্য প্ৰতি বেৰেলত ১০৪.৫১ ডলাৰ হয়। আমেৰিকাৰ ডব্লিউ টি আই খাৰুৱা তেলৰ মূল্য ৯৬.৪৬ ডলাৰত অপৰিৱৰ্তিত থাকে।

আমেৰিকাৰ ইৰাণত নতুন আক্ৰমণৰ খবৰৰ মাজতে বিশ্ব বজাৰৰ গতিবিধিৰ ওপৰত বিনিয়োগকাৰীসকলৰ দৃষ্টি নিবদ্ধ হৈ আছে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

সম্পাদকীয় বিভাগৰ অধিক সংবাদ