টাটা গোষ্ঠীৰ অধ্যক্ষ পদক লৈ বিতৰ্ক, বৈঠকৰ দৃশ্য-শ্ৰাব্য নথি বিচাৰিলে নোৱেল টাটাই
১৭ ছেপ্টেম্বৰৰ টাটা ছন্সৰ পৰিচালনা সমিতিৰ বৈঠকৰ ৰেকৰ্ডিং বিচাৰি পুনৰ পত্ৰ; এন চন্দ্ৰশেখৰণৰ পুনৰ নিযুক্তিৰ বিষয়ক লৈ প্ৰশ্ন
অসম জাতিৰ খবৰ, ২১ নৱেম্বৰঃ টাটা গোষ্ঠীৰ নেতৃত্বক লৈ চলি থকা আভ্যন্তৰীণ বিতৰ্কৰ মাজতে টাটা ট্ৰাষ্টছৰ অধ্যক্ষ নোৱেল টাটাই টাটা ছন্সৰ পৰা গুৰুত্বপূৰ্ণ বৈঠকৰ দৃশ্য-শ্ৰাব্য ৰেকৰ্ডিং বিচাৰি পুনৰ পত্ৰ প্ৰেৰণ কৰিছে। শুকুৰবাৰে টাটা ছন্সৰ কোম্পানী সচিব সুপ্ৰকাশ মুখোপাধ্যায়লৈ প্ৰেৰণ কৰা পত্ৰত ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত পৰিচালনা সমিতিৰ বৈঠকৰ অডিঅ’ আৰু ভিডিঅ’ ৰেকৰ্ডিং বিচাৰে নোৱেল টাটাই।
সূত্ৰৰ মতে, পৰিচালনা সমিতিৰ সদস্য হিচাপে নিজৰ অধিকাৰৰ কথা উল্লেখ কৰি তেওঁ উক্ত বৈঠকৰ লগতে মনোনয়ন আৰু পাৰিশ্ৰমিক সমিতিৰ বৈঠকৰ ৰেকৰ্ডিং বিচাৰিছে। এই সমিতিখনে টাটা ছন্সৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণক পুনৰ নিযুক্তিৰ দৌৰৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছিল।
প্ৰতিবেদন অনুসৰি, যোৱা ৩ ছেপ্টেম্বৰত মনোনয়ন আৰু পাৰিশ্ৰমিক সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকতে চন্দ্ৰশেখৰণক পুনৰ অধ্যক্ষ পদৰ বাবে নিজৰ নাম বিবেচনাৰ অনুমতি দিবলৈ অনুৰোধ জনোৱাৰ সিদ্ধান্ত লোৱা হৈছিল।
পত্ৰখনত নোৱেল টাটাই টাটা ছন্সৰ পৰিচালনা সমিতিত টাটা ট্ৰাষ্টছৰ মনোনীত সঞ্চালক ভেনু শ্ৰীনিবাসনৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে। স্বাৰ্থৰ সংঘাতৰ সম্ভাৱনা থকাৰ বাবে চন্দ্ৰশেখৰণৰ পুনৰ নিযুক্তিৰ বিষয়টোৰ আলোচনাৰ পৰা শ্ৰীনিবাসনে নিজকে আঁতৰাই ৰাখিব লাগিছিল বুলি তেওঁ মত প্ৰকাশ কৰা বুলি সূত্ৰই জনাইছে।
টাটা গোষ্ঠীৰ শীৰ্ষ নেতৃত্বক লৈ চলি থকা এই বিতৰ্কই দেশৰ অন্যতম বৃহৎ ব্যৱসায়িক গোষ্ঠীটোৰ আভ্যন্তৰীণ সম্পৰ্ক আৰু সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ নতুন চৰ্চাৰ সৃষ্টি কৰিছে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।