‘ভাৰতক বদনাম কৰিবলৈ ধন লাভ কৰে ৰাহুলে’—বিজেপিৰ তীব্ৰ সমালোচনা
ট্ৰাম্প, ছি আৰু পুটিনৰ বৈঠকৰ ছবি প্ৰকাশ কৰি মোদীক ‘আপোচ কৰা প্ৰধানমন্ত্ৰী’ আখ্যা কংগ্ৰেছ নেতাজনৰ
অসম জাতিৰ খবৰ, ২০ নৱেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘আপোচ কৰা প্ৰধানমন্ত্ৰী’ বুলি কটাক্ষ কৰি সামাজিক মাধ্যমত পোষ্ট কৰাৰ পাছতে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লোকসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এই মন্তব্যক লৈ সৰৱ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি।
শুকুৰবাৰে সামাজিক মাধ্যম ‘এক্স’ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এক বিৰল ত্ৰিপাক্ষিক বৈঠকৰ ছবি প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে। পোষ্টটোত তেওঁ কয় যে কংগ্ৰেছ ক্ষমতাত থাকিলে ভাৰতৰ প্ৰধানমন্ত্ৰীও এই বৈঠকৰ মেজত বহিলহেঁতেন। লগতে তেওঁ মন্তব্য কৰে, “আপোচ কৰা প্ৰধানমন্ত্ৰীয়ে কেতিয়াও এই মেজত বহিব নোৱাৰে।”
ৰাহুল গান্ধীৰ এই পোষ্টৰ পাছতে বিজেপিয়ে তেওঁৰ বিৰুদ্ধে তীব্ৰ সমালোচনা আৰম্ভ কৰে। বিজেপিৰ তৰফৰ পৰা তেওঁক ভাৰতক বদনাম কৰাৰ বাবে ধন লাভ কৰা বুলি অভিযোগ উত্থাপন কৰা হয়।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলৰ বৈঠকক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি কৰা ৰাহুল গান্ধীৰ মন্তব্যই পুনৰ শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ মাজৰ ৰাজনৈতিক বাকযুদ্ধ তীব্ৰ কৰি তুলিছে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
ৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ
ৰাষ্ট্ৰীয়