🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › অসম › বানাক্ৰান্তক ক্ষতিপূৰণৰ দাবীত শিৱসাগৰত ৰাইজৰ দল...
অসম

বানাক্ৰান্তক ক্ষতিপূৰণৰ দাবীত শিৱসাগৰত ৰাইজৰ দলৰ উত্তাল প্ৰতিবাদ,

বানাক্ৰান্তক ক্ষতিপূৰণৰ দাবীত শিৱসাগৰত ৰাইজৰ দলৰ উত্তাল প্ৰতিবাদ, আৰক্ষীৰ বেৰিকেড ভাঙি আয়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ, মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ: কেন্দ্ৰীয় নেতাসহ কেইবাগৰাকীকো আটক।

বানাক্ৰান্তক ক্ষতিপূৰণৰ দাবীত শিৱসাগৰত ৰাইজৰ দলৰ উত্তাল প্ৰতিবাদ,

বানাক্ৰান্তক ক্ষতিপূৰণৰ দাবীত শিৱসাগৰত ৰাইজৰ দলৰ উত্তাল প্ৰতিবাদ, আৰক্ষীৰ বেৰিকেড ভাঙি আয়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ, মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ: কেন্দ্ৰীয় নেতাসহ কেইবাগৰাকীকো আটক।

অসম জাতিৰ খবৰ, শিৱসাগৰ ৫ অক্টোবৰ:

উজনি অসমৰ শেহতীয়া ভয়াৱহ বানত সৰ্বস্বান্ত হোৱা লোকসকলক উপযুক্ত ক্ষতিপূৰণ আৰু সাহাৰ্য প্ৰদানৰ দাবীত আজি ঐতিহাসিক শিৱসাগৰ চহৰত ৰাইজৰ দলে এক জংগী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চহৰখনৰ দলমুখ চাৰিআলিত সহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থকে চৰকাৰবিৰোধী শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে ৰাজপথতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে।

পুত্তলিকা দাহৰ পাছতে পৰিস্থিতিয়ে অধিক উত্তপ্ত ৰূপ ধাৰণ কৰে। ক্ষুব্ধ প্ৰতিবাদকাৰীসকলে এক বিশাল সমদল উলিয়াই শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয় অভিমুখে অগ্ৰসৰ হয়। জিলা প্ৰশাসন আৰু আৰক্ষীয়ে আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত বহুস্তৰীয় নিৰাপত্তা বেষ্টনী তথা বেৰিকেড বহুৱাই সমদলটো বাধা দিবলৈ চেষ্টা কৰে যদিও প্ৰতিবাদকাৰীৰ তীব্ৰ হেঁচাত সেই প্ৰতিৰোধ ওফৰি পৰে। নিৰাপত্তাকৰ্মীৰ বাধা নেওচি, মূল গেট ঠেলি আৰু আৰক্ষীৰ বেৰিকেড ভাঙি প্ৰতিবাদকাৰীসকল জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত প্ৰৱেশ কৰে।

কাৰ্যালয় চৌহদত প্ৰৱেশ কৰিয়েই ৰাইজৰ দলৰ সদস্যসকলে মূল প্ৰৱেশ পথ অৱৰোধ কৰি ধৰ্ণাত বহি পৰে। প্ৰতিবাদকাৰীৰ শ্লোগান আৰু হুলস্থূলীয়া পৰিস্থিতিৰ ফলত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ মাজত হুৱাদুৱা লাগে। প্ৰতিবাদকাৰীসকলে স্পষ্টভাৱে হুংকাৰ দিয়ে যে জিলা আয়ুক্তই নিজ কোঠাৰ পৰা ওলাই আহি বানাক্ৰান্তৰ দুৰ্দশাৰ বুজ নল’লে আৰু স্মাৰক-পত্ৰ গ্ৰহণ নকৰিলে তেওঁলোকে কোনো কাৰণতে স্থান ত্যাগ নকৰে।প্ৰতিবাদকাৰী নেতাসকলে অভিযোগ তোলে যে বানত উজনি অসমৰ লক্ষ লক্ষ কৃষক, ব্যৱসায়ী আৰু সৰ্বসাধাৰণ ৰাইজ ধ্বংসৰ মুখত পৰিছে যদিও ৰাজ্য চৰকাৰে কেৱল ভুৱা প্ৰচাৰ আৰু ফোঁপোলা আশ্বাসতেই দায়িত্ব সামৰিছে। তেওঁলোকে ক্ষতিগ্ৰস্ত প্ৰতিগৰাকী লোকক শীঘ্ৰে নায্য ক্ষতিপূৰণ আৰু সমস্যাটোৰ স্থায়ী সমাধানৰ দাবী জনায়।পৰিস্থিতি ক্ৰমাৎ অপ্ৰতিৰোধ্য হৈ পৰাত শিৱসাগৰ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে। আৰক্ষীৰ বৃহৎ দলে চৌহদ ঘেৰি ধৰি ধৰ্ণাত বহা প্ৰতিবাদকাৰীসকলক বলপূৰ্বকভাৱে আটক কৰে। আটক কৰা নেতাসকলৰ ভিতৰত আছে— ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক চিত্ৰ গগৈ, শিৱসাগৰ জিলা সাধাৰণ সম্পাদক পল্লৱ গগৈ, জিলা জাতীয় যুৱ বাহিনীৰ সাধাৰণ সম্পাদক ধনজিৎ গগৈ, জিলা মুখপাত্ৰ চানদ্বীপ গগৈ আৰু সাংগঠনিক সম্পাদক মিনহাজ ইছলাম। ইয়াৰ উপৰি শুভজিত গগৈ, সোণমণি শইকীয়া, পৰশমণি কাকতি, টুনি শইকীয়া, মুকিবুৰ আলী, হেমন্ত গগৈ, ৰূপা ৰাজখোৱা আৰু জিতা গায়নসহ বহু দলীয় কৰ্মীক আৰক্ষীয়ে আটক কৰে। এই ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে অতকাধিন সকলোৰে বিৰুদ্ধে বি নে এছৰ অধীনত ১৬৩ ধৰা লগাই গোচৰ ৰুজু কৰে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

অসম বিভাগৰ অধিক সংবাদ