অচেতন অৱস্থাত উদ্ধাৰ অসহায় হিন্দু মহিলা, চিকিৎসাৰ দায়িত্ব ল’লে এদল মুছলিম লোকে।মানৱতাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম
অচেতন অৱস্থাত উদ্ধাৰ অসহায় হিন্দু মহিলা, চিকিৎসাৰ দায়িত্ব ল’লে এদল মুছলিম লোকে।মানৱতাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম—সোণতলীৰ কালাতলীত সম্প্ৰীতিৰ অনন্য নিদৰ্শন কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত কালাতলী বজাৰ প্ৰাংগণত অচেতন অৱস্থাত উদ্ধাৰ কৰা
অচেতন অৱস্থাত উদ্ধাৰ অসহায় হিন্দু মহিলা, চিকিৎসাৰ দায়িত্ব ল’লে এদল মুছলিম লোকে।মানৱতাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম—সোণতলীৰ কালাতলীত সম্প্ৰীতিৰ অনন্য নিদৰ্শন কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত কালাতলী বজাৰ প্ৰাংগণত অচেতন অৱস্থাত উদ্ধাৰ কৰা এগৰাকী অচিনাকি মহিলাক মানৱীয় দৃষ্টিভংগীৰে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰি দিলে একাংশ স্থানীয় মুছলিম পুৰুষ-মহিলাই। ঘটনাটোৱে অঞ্চলটোত মানৱতা আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
জানিব পৰা মতে, কালাতলী বজাৰৰ এখন বন্ধ দোকানৰ বাৰাণ্ডাত কপালত সেন্দুৰৰ ফোঁট থকা এগৰাকী মহিলা অচেতন অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। লগে লগে লোকসকলে মহিলাগৰাকীক উদ্ধাৰ কৰি সোণতলী আৰক্ষীক বিষয়টো অৱগত কৰে। আৰক্ষীৰ পৰামৰ্শ অনুসৰি তেওঁক বকো আৰক্ষী থানালৈ লৈ যোৱা হয়।ইয়াৰ পিছত দিনজোৰা বিভিন্ন স্থানত যোগাযোগ কৰাৰ অন্তত আৰক্ষীৰ পৰামৰ্শমতে অসুস্থ মহিলাগৰাকীক সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰা হয়।উদ্ধাৰকাৰী লোকসকলে মহিলাগৰাকীৰ লগত থকা মোনাৰ পৰা বেংগালুৰুৰ এখন চিকিৎসালয়ৰ চিকিৎসা-প্ৰেছক্ৰিপচন আৰু এটা মোবাইল নম্বৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰেছক্ৰিপচনৰ তথ্যৰ ভিত্তিত মহিলাগৰাকীক পশ্চিমবংগৰ নদিয়া জিলাৰ শিখা বিশ্বাস বুলি চিনাক্ত কৰা হয়। পিছত মোবাইল নম্বৰত যোগাযোগ কৰি পৰিয়ালৰ লোকক ঘটনাৰ বিষয়ে অৱগত কৰা হয়। খবৰ লাভ কৰাৰ পিছতে পৰিয়ালৰ লোক অসমলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে।অৱশ্যে মহিলাগৰাকী কৰপৰা কেনেদৰে আহি অসমৰ সোণতলীৰ কালাতলী বজাৰত উপস্থিত হ’ল, সেই সন্দৰ্ভত এই পৰ্যন্ত সবিশেষ তথ্য পোহৰলৈ অহা নাই। ইফালে, সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ থকা সময়ছোৱাত মহিলাগৰাকীৰ পৰিচৰ্যাৰ দায়িত্ব গ্ৰহণ কৰি মানৱতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে একাংশ মুছলিম পুৰুষ-মহিলাই। কালাতলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সহ-শিক্ষক জামাল উদ্দিন আহমেদ, আমিন জাকিৰ হুছেইন, ৰবিউল হুছেইন, মহিবুল হক আৰু শ্বমেলা বেগম আদিয়ে মহিলাগৰাকীৰ চিকিৎসা আৰু তত্ত্বাৱধানত নিজকে নিয়োজিত কৰি ৰাখে।ধৰ্মীয় পৰিচয়ৰ ঊৰ্ধ্বত গৈ অসহায় এগৰাকী মহিলাৰ কাষত থিয় দি উদ্ধাৰ, চিকিৎসা আৰু পৰিচৰ্যাৰ দায়িত্ব গ্ৰহণ কৰা এই ঘটনাই সমাজলৈ এক গুৰুত্বপূৰ্ণ বাৰ্তা কঢ়িয়াই আনিছে—মানৱতাৰ কোনো ধৰ্ম নাই, মানৱতাই হৈছে সৰ্বশ্ৰেষ্ঠ ধৰ্ম।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
গুৱাহাটী বিভাগৰ অধিক সংবাদ
গুৱাহাটী