🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › অসম › বদৰপুৰত লায়ন্স ক্লাবৰ বিনামূলীয়া চকু পৰীক্ষা ...
অসম

বদৰপুৰত লায়ন্স ক্লাবৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

৬২ জনৰ চকু পৰীক্ষা, ১০ জনৰ ছানি চিনাক্ত; ৩৩ জনক বিনামূলীয়াকৈ চশমা বিতৰণ

বদৰপুৰত লায়ন্স ক্লাবৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

বদৰপুৰত লায়ন্স ক্লাবৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ ৬২ জনৰ চকু পৰীক্ষা, ১০ জনৰ ছানি চিনাক্ত; ৩৩ জনক বিনামূলীয়াকৈ চশমা বিতৰণ অসম জাতিৰ খবৰ, শিলচৰ, ৬ অক্টোবৰ, ২০২৬ঃ লায়ন্স ক্লাব অৱ বদৰপুৰ গ্ৰেটাৰ, শিলচৰ লায়ন্স আই হস্পিটেল আৰু ভেলী ষ্ট্ৰং চিমেণ্টৰ উদ্যোগত সোমবাৰে বদৰপুৰঘাটৰ দেবেন্দ্ৰনগৰস্থিত বিভিচিএল হেল্থ চেণ্টাৰত বিনামূলীয়া চকু পৰীক্ষা আৰু কেটাৰেক্ট (চকুৰ ছানি) চিনাক্তকৰণ শিবিৰ অনুষ্ঠিত হয়।লায়ন্স বৰ্ষ ২০২৬-২৭ৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰত অঞ্চলটোৰ মুঠ ৬২ জন লোকে নাম পঞ্জীয়ন কৰি চকু পৰীক্ষা কৰায়। পৰীক্ষাৰ অন্তত ১০ জনৰ চকুত ছানি ধৰা পৰে। উন্নত চিকিৎসা আৰু ছানি অস্ত্ৰোপচাৰৰ বাবে তেওঁলোকক শিলচৰৰ লায়ন্স আই হস্পিটেললৈ প্ৰেৰণ কৰা হয়।ইয়াৰ উপৰি দৃষ্টিশক্তিৰ সমস্যাত ভোগা প্ৰয়োজনীয় ৩৩ জন লোকক বিনামূলীয়াকৈ চশমা বিতৰণ কৰা হয়। শিবিৰত চকু পৰীক্ষাৰ লগতে ৰোগীসকলক প্ৰয়োজনীয় পৰামৰ্শও প্ৰদান কৰা হয়।সাধাৰণ ৰাইজৰ মাজত সহজলভ্য চকুৰ চিকিৎসা সেৱা আগবঢ়োৱা আৰু দৃষ্টিশক্তি সম্পৰ্কীয় সমস্যাসমূহ প্ৰাথমিক পৰ্যায়তে চিনাক্ত কৰি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰাই শিবিৰটোৰ মূল উদ্দেশ্য আছিল।ভেলী ষ্ট্ৰং চিমেণ্টৰ চিইঅ’ তথা ক্লাবৰ আইপিপি মুকেশ আগৰৱালে কয় যে ভৱিষ্যতেও সাধাৰণ ৰাইজৰ বাবে এনেধৰণৰ স্বাস্থ্য আৰু চকু চিকিৎসা সেৱা অব্যাহত ৰখাৰ উদ্যোগ গ্ৰহণ কৰা হ’ব।শিবিৰত সভাপতি ডা০ স্বপন কুমাৰ দাস, জ্যেষ্ঠ লায়ন্স বিষয়া প্ৰদীপ্ত কুমাৰ দে, সুজিত কৰ, সমৰজিৎ চক্ৰৱৰ্তী, শমীন্দ্ৰ পাল আদিৰ লগতে অধিবক্তা লক্ষী দত্তগুপ্ত স্বেচ্ছাসেৱক হিচাপে উপস্থিত থাকে। শিলচৰ লায়ন্স আই হস্পিটেল আৰু ভেলী ষ্ট্ৰং চিমেণ্টৰ বিষয়ববীয়াসকলো শিবিৰত উপস্থিত থাকে।ক্লাবৰ মাৰ্কেটিং এণ্ড কমিউনিকেচন চেয়াৰপাৰ্ছন শমীন্দ্ৰ পালে এক প্ৰেছ বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

অসম বিভাগৰ অধিক সংবাদ