🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › অসম › বিৰি ফেক্টৰীত সূত্ৰপাত ঘটা এক অগ্নিকাণ্ডৰ পৰা ক...
অসম

বিৰি ফেক্টৰীত সূত্ৰপাত ঘটা এক অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে জনাকীর্ণ সেই অঞ্চলটো

যোৱানিশা ধুবুৰী চহৰৰ ১১ নং ৱাৰ্ডৰ জৈন মন্দিৰ গলিৰ এটা বিৰি ফেক্টৰীত সূত্ৰপাত ঘটা এক অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে জনাকীর্ণ সেই অঞ্চলটো।

বিৰি ফেক্টৰীত সূত্ৰপাত ঘটা এক অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে জনাকীর্ণ সেই অঞ্চলটো
📷 নগাঁৱৰ সুবিস্তৃত সৌৰ শক্তি প্ৰকল্প।

যোৱানিশা ধুবুৰী চহৰৰ ১১ নং ৱাৰ্ডৰ জৈন মন্দিৰ গলিৰ এটা বিৰি ফেক্টৰীত সূত্ৰপাত ঘটা এক অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে জনাকীর্ণ সেই অঞ্চলটো। জানিব পৰা মতে, যোৱানিশা অঞ্চলটোৰ এটা বিৰি ফেক্টৰীৰ পৰা অকষ্মাতে ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।পৰিস্থিতিৰ গুৰুত্ব বুজি স্থানীয় ৰাইজে ফেক্টৰীটোৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি নিজাববীয়াকৈ জুই নুমুৱাৰ চেষ্টা চলায় যদিও পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই সম্পূৰ্ণৰূপে নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। ইপিনে, জনবসতি পূৰ্ণ অঞ্চল এটাত কিদৰে বিৰি ফেক্টৰী এটা স্থাপন কৰাৰ এনঅ'চি দিয়া হ'ল সেয়া লৈ অঞ্চলটোৰ বহু লোকে ক্ষোভ প্ৰকাশ কৰাৰ সমান্তৰালকৈ ফেক্টৰীটোত অগ্নিনিৰ্বাপণৰ নূন্যতম সা-সঁজুলি আৰু সুৰক্ষা ব্যৱস্থা নথকাৰ অভিযোগো উত্থাপিত হোৱা পোৱা গৈছে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

অসম বিভাগৰ অধিক সংবাদ