বৰপেটাৰ সাংসদ ফণী ভূষণ চৌধুৰীক মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ দুৰ্ব্যৱহাৰ!
বিভিন্ন স্তৰত তীব্ৰ প্ৰতিক্ৰিয়া
ৰপেটাৰ সাংসদ ফণী ভূষণ চৌধুৰীক মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ দুৰ্ব্যৱহাৰ! বিভিন্ন স্তৰত তীব্ৰ প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি চৰকাৰৰ কেইবাগৰাকী কেবিনেট মন্ত্ৰীৰ উপস্থিতিত কালি বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণী ভূষণ চৌধুৰীক মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত নিয়োজিত নিৰাপত্তাৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাক লৈ বঙাইগাঁৱৰ বিভিন্ন স্তৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সাংসদ গৰাকীক চৰকাৰী কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাক লৈ আজি বঙাইগাঁৱৰ বিভিন্নজন নাগৰিকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উল্লেখ্য যে কালি ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি চৰকাৰৰ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল, বঙাইগাঁৱৰ অভিভাৱক মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ, মন্ত্ৰী কেশৱ মহন্তই ৰাজ্য চৰকাৰৰ অৰ্থ সাহায্যৰে বঙাইগাঁৱত নতুনকৈ নিৰ্মাণ কৰা জিলা আয়ুক্তৰ কাৰ্যালয় আৰু বঙাইগাঁও জিলাৰ উত্তৰ মাজগাঁৱত নতুনকৈ নিৰ্মাণ কৰা মেডিকেল কলেজখন আনুষ্ঠানিকভাবে উদ্বোধন কৰিবলৈ আহিছিল। উক্ত চৰকাৰী কাৰ্যসূচীত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণী ভূষণ চৌধুৰীও উপস্থিত আছিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী
গৰাকীয়ে বঙাইগাঁৱত উপস্থিত হোৱাৰ লগে লগে প্ৰথমে মুখ্যমন্ত্ৰী গৰাকীয়ে বঙাইগাঁৱৰ জেলকাঝাৰত নিৰ্মাণ কৰা নতুন জিলা আয়ুক্তৰ প্ৰশাসনীয় ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়টো উদ্বোধন কৰি মুখ্যমন্ত্ৰী সহিতে আন মন্ত্ৰী আৰু সাংসদ গৰাকী নতুন জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ওলাই আহিছিল। কিন্তু সেই সময়তে অভাৱনীয় ঘটনাটো সংঘটিত হয়। সাংসদ গৰাকী ওলাই অহা সময়ত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এজন নিৰাপত্তাৰক্ষীয়ে ভিৰৰ মাজত সাংসদ গৰাকীক একপ্ৰকাৰ গতিয়াই দিয়াৰ দৰে আচৰণ কৰে।নিৰাপত্তাৰক্ষীজনৰ এই আচৰণত আন লোকসকল হতবাক হৈ পৰে। কিন্তু মূখ্যমন্ত্ৰীৰ উপস্থিতিত বিষয়টো চৰ্চিত নহয় যদিও নিশাৰ ভাগত নিৰাপত্তাৰক্ষীজনে সংঘটিত কৰা দুৰ্ব্যৱহাৰৰ বিষয়টো ৰাজহুৱা হয়। বিষয়টো ৰাজহুৱা হোৱাৰ পিছতে বঙাইগাঁৱৰ বিভিন্ন স্তৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ্য়। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণী ভূষণ চৌধুৰীক কি পৰিস্থিতিত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীয়ে গতিয়াই দুৰ্ব্যৱহাৰ কৰিলে তাক লৈ ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে। চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ এগৰাকী জ্যেষ্ঠ ৰাজনীতিবিদ তথা বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণী ভূষণ চৌধুৰী নিৰাপত্তাৰক্ষীৰ হাতত অপদস্থ হ'বলগীয়া হোৱাটো দৃষ্টিকটু হৈছে বুলি ৰাইজৰ মাজত চৰ্চিত হৈছে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।