🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › অসম › পশ্চিম কাটিগড়াত অবৈধ মদৰ বিৰুদ্ধে কঠোৰ অভিযান
অসম

পশ্চিম কাটিগড়াত অবৈধ মদৰ বিৰুদ্ধে কঠোৰ অভিযান

জিলাৰ পশ্চিম কাটিগড়াৰ জালালপুৰ, কুশিয়াৰকুল বজাৰকে ধৰি বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি চলি অহা অবৈধ চুলাই মদৰ ব্যৱসায়ৰ বিৰুদ্ধে গুমড়া আৰক্ষীয়ে অভিযান চলায়।

পশ্চিম কাটিগড়াত অবৈধ মদৰ বিৰুদ্ধে কঠোৰ অভিযান

পশ্চিম কাটিগড়াত অবৈধ মদৰ বিৰুদ্ধে কঠোৰ অভিযান পশ্চিম কাটিগড়াৰ জালালপুৰ, কুশিয়াৰকুল বজাৰকে ধৰি বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি চলি অহা অবৈধ চুলাই মদৰ ব্যৱসায়ৰ বিৰুদ্ধে গুমড়া আৰক্ষীয়ে অভিযান চলায়। অভিযানত কেইবা হাজাৰ লিটাৰ প্ৰস্তুত চুলাই মদ ধ্বংস কৰাৰ লগতে মদ প্ৰস্তুত কৰাত ব্যৱহৃত বিভিন্ন সামগ্ৰী জব্দ কৰা হয়।স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি, জালালপুৰ, কুশিয়াৰকুলকে ধৰি কেইবাটাও অঞ্চলত দীৰ্ঘদিন ধৰি মুকলিকৈ চুলাই মদ প্ৰস্তুত আৰু বিক্ৰী চলি আহিছিল। মদৰ সহজলভ্যতাৰ ফলত অঞ্চলটোৰ সামাজিক পৰিৱেশ আৰু আইন-শৃংখলা পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছিল স্থানীয় বাসিন্দাসকলে, বিশেষকৈ মহিলাসকলে

অভিযোগ অনুসৰি, অবৈধ মদৰ ব্যৱসায়ৰ ফলত অঞ্চলটোত বিভিন্ন ধৰণৰ অশান্তি আৰু অনৈতিক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ আশংকা সৃষ্টি হৈছিল। লগতে ইয়াৰ নেতিবাচক প্ৰভাৱ যুৱ প্ৰজন্মৰ ওপৰতো পৰাৰ অভিযোগ উত্থাপিত হয়।স্থানীয় লোকসকলে দাবী কৰা মতে, অবৈধ মদৰ ব্যৱসায় বন্ধ কৰাৰ বাবে প্ৰশাসন আৰু আবকাৰী বিভাগক একাধিকবাৰ অৱগত কৰা হৈছিল। পিছত বিষয়টো লৈ স্থানীয় বিধায়কৰো কাষ চপা হৈছিল।ইয়াৰ পিছতে গুমড়া আৰক্ষীয়ে জালালপুৰ, কুশিয়াৰকুলকে ধৰি বিভিন্ন স্থানত অভিযান চলাই অবৈধভাৱে চুলাই মদ প্ৰস্তুত কৰা ঘাটিসমূহত তালাচী চলায়। আৰক্ষীৰ অভিযানৰ উমান পাই ব্যৱসায়ৰ সৈতে জড়িত লোকসকল ঘটনাস্থলীৰ পৰা পলাই যায় বুলি জানিব পৰা গৈছে।অভিযানকালত কেইবা হাজাৰ লিটাৰ প্ৰস্তুত চুলাই মদ ধ্বংস কৰাৰ লগতে মদ প্ৰস্তুত কৰাত ব্যৱহৃত বিভিন্ন সামগ্ৰী জব্দ কৰা হয়।অৱশ্যে, দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপিত হৈ অহাৰ পিছতো কিয় পূৰ্বতে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নহ’ল, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় বাসিন্দাসকলে। লগতে অবৈধ মদৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰাৰ ক্ষেত্ৰত আবকাৰী বিভাগৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপিত হৈছে।স্থানীয় লোকসকলৰ দাবী, কেৱল অভিযান চলাই মদ ধ্বংস কৰিলেই সমস্যাটোৰ স্থায়ী সমাধান নহ’ব। অবৈধ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰি আইনানুগ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে যাতে পুনৰ এই ব্যৱসায় গঢ় লৈ উঠিব নোৱাৰে, তাৰ বাবে প্ৰশাসনে কঠোৰ আৰু ধাৰাবাহিক পদক্ষেপ গ্ৰহণ কৰিব লাগে।এতিয়া পশ্চিম কাটিগড়াত আৰক্ষীৰ এই অভিযান অবৈধ চুলাই মদৰ ব্যৱসায় ৰোধত কিমানদূৰ ফলপ্ৰসূ হয়, সেই দিশলৈ নজৰ ৰাখিছে স্থানীয় ৰাইজে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

অসম বিভাগৰ অধিক সংবাদ