বুধবাৰে গুৱাহাটী প্ৰেছক্লাৱত পূৰ্বোত্তৰ প্ৰদেশ মাৰোৱাৰী সন্মিলনৰ দ্বাৰা প্ৰস্তুত কৰা
বুধবাৰে গুৱাহাটী প্ৰেছক্লাৱত পূৰ্বোত্তৰ প্ৰদেশ মাৰোৱাৰী সন্মিলনৰ দ্বাৰা প্ৰস্তুত কৰা BHUPEN HAZARIKA & KOLKATA নামৰ এখন তথ্যচিত্ৰ মুকলি কৰা হয় ।
বুধবাৰে গুৱাহাটী প্ৰেছক্লাৱত পূৰ্বোত্তৰ প্ৰদেশ মাৰোৱাৰী সন্মিলনৰ দ্বাৰা প্ৰস্তুত কৰা BHUPEN HAZARIKA & KOLKATA নামৰ এখন তথ্যচিত্ৰ মুকলি কৰা হয় । নিৰ্মল দাসৰ পৰিচালনা আৰু কৈলাশ কাবৰাৰ দ্বাৰা প্ৰযোজিত তথ্যচিত্ৰখনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট ছবি নিৰ্মাতা শংকৰলাল গোৱেঙ্কা , বিশিষ্ট শিল্পী মনীষা হাজৰিকা , ভৈৰৱ কুমাৰ শৰ্মা , বিনোদ লোহিয়া আৰু সন্দিপ চমৰীয়াই চমু শুভেচ্ছামূলক ভাষণ দিয়ে । অনুষ্ঠানত পূৰ্বোত্তৰ প্ৰদেশ মাৰোৱাৰী সন্মিলনৰ প্ৰান্তীয় অধ্যক্ষ তথা প্ৰযোজক কৈলাশ কাবৰা আৰু পৰিচালক নিৰ্মল দাসে ছবিখনৰ নিৰ্মাণৰ আঁৰৰ কথা জানিবলৈ দিয়ে । উল্লেখ্য এই তথ্যচিত্ৰখনত সুধাকণ্ঠৰ সতে কলকাতাৰ যি মধুৰ তথা আত্মিক সম্পৰ্ক আছিল দিশটো সুন্দৰকৈ তুলি ধৰা হৈছে ।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
গুৱাহাটী বিভাগৰ অধিক সংবাদ
গুৱাহাটী