🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › অসম › অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত আ...
অসম

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত আছুৰ শৱযাত্ৰা

সমগ্ৰ অসমৰ লগতে নাজিৰা আৰু শিমলুগুৰিতো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নাজিৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থায়ে পৃথকে পৃথকে খাদ্য বস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰতিবাদত আৰু দাম হ্ৰাস কৰাৰ দাবীত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ শৱ যাত্ৰা বাহিৰ কৰে।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত আছুৰ শৱযাত্ৰা
📷 কাজিৰঙা সংৰক্ষিত বনাঞ্চলৰ সমীপত এলিভেটেড কৰিডৰৰ চলিত নিৰ্মাণ কাৰ্য।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীত আছুৰ শৱযাত্ৰা

অসম জাতিৰ খবৰ, নাজিৰা:৩ ছেপ্টেম্বৰ:

সমগ্ৰ অসমৰ লগতে নাজিৰা আৰু শিমলুগুৰিতো সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত নাজিৰা আঞ্চলিক ছাত্ৰ সন্থা আৰু শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থায়ে পৃথকে পৃথকে খাদ্য বস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰতিবাদত আৰু দাম হ্ৰাস কৰাৰ দাবীত

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ শৱ যাত্ৰা বাহিৰ কৰে। ছাত্ৰ সন্থাৰ কৰ্মীসকলে নাজিৰা আৰু শিমলুগুৰি নগৰত শৱযাত্ৰা ওলিয়াই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক,বিজেপি চৰকাৰ হায় হায় শ্লোগানেৰে আকাশ বতাহ কপায় তোলে আৰু দিখৌ নৈত প্ৰতিকী শৱদেহ উটুৱাই কাৰ্যসূচী সামৰণি মাৰে। প্ৰতিবাদী কাৰ্যসূচীত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকা, নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰীতম বৰগোহাঁই সহিতে নাজিৰা আৰু শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদককে ধৰি সদস্য সকল উপস্থিত থাকে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

অসম বিভাগৰ অধিক সংবাদ