🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › ৰাষ্ট্ৰীয় › ভাৰত ভ্ৰমণত মাৰ্কো ৰুবিঅ’ — এছ জয়শংকৰ আৰু ইউএই...
ৰাষ্ট্ৰীয়

ভাৰত ভ্ৰমণত মাৰ্কো ৰুবিঅ’ — এছ জয়শংকৰ আৰু ইউএইৰ উপ-প্ৰধানমন্ত্ৰীৰ সৈতে ত্ৰিপাক্ষিক বৈঠকক লৈ কূটনৈতিক তৎপৰতা

ৰাছিয়াৰ পৰা তেল ক্ৰয়ক লৈ শুল্ক নীতিৰ পৰিৱৰ্তনৰ মাজতে ৰুবিঅ’ৰ ভাৰত ভ্ৰমণক বিশেষ তাৎপৰ্য আমেৰিকা-ভাৰতৰ বাণিজ্যিক সম্পৰ্কত নতুন আশাৰ সঞ্চাৰ

ভাৰত ভ্ৰমণত মাৰ্কো ৰুবিঅ’ — এছ জয়শংকৰ আৰু ইউএইৰ উপ-প্ৰধানমন্ত্ৰীৰ সৈতে ত্ৰিপাক্ষিক বৈঠকক লৈ কূটনৈতিক তৎপৰতা
📷 দীঘলীপুখুৰীৰ মনোৰম সান্ধ্য পৰিৱেশ।

ভাৰত ভ্ৰমণত মাৰ্কো ৰুবিঅ’ — এছ জয়শংকৰ আৰু ইউএইৰ উপ-প্ৰধানমন্ত্ৰীৰ সৈতে ত্ৰিপাক্ষিক বৈঠকক লৈ কূটনৈতিক তৎপৰতা

ৰাছিয়াৰ পৰা তেল ক্ৰয়ক লৈ শুল্ক নীতিৰ পৰিৱৰ্তনৰ মাজতে ৰুবিঅ’ৰ ভাৰত ভ্ৰমণক বিশেষ তাৎপৰ্য

আমেৰিকা-ভাৰতৰ বাণিজ্যিক সম্পৰ্কত নতুন আশাৰ সঞ্চাৰ

অসম জাতিৰ খবৰ,নিউজ ডেস্ক,২০ অক্টোবৰ: ভাৰত আৰু আমেৰিকাৰ মাজত কূটনৈতিক তথা অৰ্থনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ মাজতে ভাৰত ভ্ৰমণলৈ আহিছে আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’। মুম্বাইত উপস্থিত হোৱাৰ পাছতে তেওঁ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ইয়াৰ সমান্তৰালভাৱে ইউএইৰ উপ-প্ৰধানমন্ত্ৰীৰ সৈতে ত্ৰিপাক্ষিক বৈঠকৰ বিষয়টোৱেও কূটনৈতিক মহলত বিশেষ গুৰুত্ব লাভ কৰিছে।মুম্বাই ভ্ৰমণৰ সময়ছোৱাত ৰুবিঅ’ই ২৬/১১ৰ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ স্মৃতিত তাজ স্মাৰকত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ উপৰি আমেৰিকাৰ স্বাধীনতাৰ ২৫০ বছৰ পূৰ্তি উপলক্ষে আয়োজিত এক অভ্যৰ্থনা অনুষ্ঠানতো তেওঁ অংশগ্ৰহণ কৰিব।ভ্ৰমণসূচীৰ পৰৱৰ্তী পৰ্যায়ত ৰুবিঅ’ই গুজৰাটৰ জামনগৰলৈ যোৱাৰ কথা। তাত তেওঁ উদ্যোগপতি মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মালিকানাধীন বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰ পৰিদৰ্শন কৰিব বুলি জানিব পৰা গৈছে। এই ভ্ৰমণে শক্তি খণ্ড আৰু দুয়োখন দেশৰ অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰতো বিশেষ তাৎপৰ্য বহন কৰিছে।উল্লেখযোগ্য যে ভাৰতৰ ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ বিষয়টোক কেন্দ্ৰ কৰি আমেৰিকাই আৰোপ কৰা উচ্চ শুল্ক প্ৰত্যাহাৰৰ সিদ্ধান্তৰ পাছতে ৰুবিঅ’ৰ এই ভ্ৰমণ অনুষ্ঠিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এই সিদ্ধান্তই দুয়োখন দেশৰ বাণিজ্যিক সম্পৰ্কৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে।বৰ্তমান নতুন দিল্লী আৰু ৱাশ্বিংটনে এখন বিস্তৃত বাণিজ্যিক চুক্তি চূড়ান্ত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। এনে পৰিস্থিতিত ৰুবিঅ’ৰ ভাৰত ভ্ৰমণক দুয়োখন দেশৰ মাজত বাণিজ্য, শক্তি, নিৰাপত্তা আৰু কূটনৈতিক সহযোগিতা বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

ৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ