শিৱসাগৰত প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, লটাৰীত শিশুক ব্যৱহাৰৰ অভিযোগ তুলি থানাত এজাহাৰ দাখিল।
ভৱন নিৰ্মাণৰ সাহায্য পুঁজি সংগ্ৰহৰ নামত তথাকথিত ‘উপহাৰ কুপন খেল’ বা লটাৰী অনুষ্ঠিত কৰি এতিয়া তীব্ৰ বিতৰ্কৰ মাজত সোমাই পৰিছে শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী।
শিৱসাগৰত প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, লটাৰীত শিশুক ব্যৱহাৰৰ অভিযোগ তুলি থানাত এজাহাৰ দাখিল।
অসম জাতিৰ খবৰ, শিৱসাগৰ, ২০ অক্টোবৰ: ভৱন নিৰ্মাণৰ সাহায্য পুঁজি সংগ্ৰহৰ নামত তথাকথিত ‘উপহাৰ কুপন খেল’ বা লটাৰী অনুষ্ঠিত কৰি এতিয়া তীব্ৰ বিতৰ্কৰ মাজত সোমাই পৰিছে শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনী। অভিযোগ অনুসৰি, এই খেলখনত নাবালক শিশুক ব্যৱহাৰ কৰি লটাৰীৰ টিকট বিক্ৰী কৰোৱাৰ লগতে খেলৰ মঞ্চত নম্বৰ চকা ঘূৰাবলৈ শিশুক ব্যৱহাৰ কৰা হৈছে। সমাজ গঢ়োঁতা শিক্ষক সমাজৰ এনে দায়িত্বহীন আৰু আইনবিৰোধী কাৰ্যক গৰিহণা দি শিৱসাগৰ সদৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰা হৈছে।
যোৱা ১৭ অক্টোবৰত শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত কৰা জুৱা/ লটাৰীৰ চূডান্ত খেল শিৱসাগৰ তাই আহোম সংস্কৃতি বিশেষ কেন্দ্ৰত অনুষ্ঠিত কৰিছিল। প্ৰতিটো টিকটত ১০০ টকা বৰঙণি ধাৰ্য্য কৰি এখন বৃহৎ উপহাৰ কুপন খেল অনুষ্ঠিত কৰা হৈছিল। অভিযোগ মতে, এই খেলখনৰ টিকট মুকলিভাৱে ষ্টল পাতি বিক্ৰী কৰিবলৈ নাবালক শিশুক নিয়োজিত কৰা হৈছিল। তাতোকৈ উদ্বেগজনক আৰু লজ্জাজনক বিষয়টো হ’ল— খেলৰ ফলাফল ঘোষণাৰ দিনা মঞ্চত উপস্থিত থকা শিক্ষকে এগৰাকী কণমানি শিশুক নিজৰ হাতত তুলি লৈ লটাৰীৰ বিজয়ী নম্বৰ উলিওৱাৰ বাবে চকা ঘূৰাবলৈ বাধ্য কৰায়। এই কাৰ্য শিশু শ্ৰমিক প্ৰতিৰোধ আইন আৰু শিশু ন্যায় (Juvenile Justice Act) আইনৰ চৰম উলংঘন বুলি সচেতন মহলে অভিহিত কৰিছে।যিসময়ত শিক্ষক সমাজে ছাত্ৰ-ছাত্ৰীক উপযুক্ত নৈতিক শিক্ষা আৰু জ্ঞান দিয়াৰ দায়িত্ব বহন কৰিব লাগিছিল, সেই সময়ত শিক্ষকসকলে এনেদৰে লটাৰী বা জুৱা খেল আয়োজন কৰি শিশুক জড়িত কৰোৱা কাৰ্যই সচেতন নাগৰিকক স্তম্ভিত কৰি তুলিছে। খেলখন উপভোগ কৰিবলৈ অহা বৃহৎ সংখ্যক লোকৰ সৈতে বহু কণ-কণ শিশুও উপস্থিত আছিল আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোৱে শিশুসকলৰ কোমল মনত জুৱাৰ প্ৰতি আসক্তি সৃষ্টি কৰাৰ সম্ভাৱনা নিশ্চিত কৰি তুলিছে।এই সন্দৰ্ভত শিৱসাগৰৰ সচেতন নাগৰিক চৈয়দ মুদ্দাছীৰ ৰমিজে সদৰ আৰক্ষী থানাত এখন লিখিত এজাহাৰ দাখিল কৰে। উপহাৰ কুপনৰ টিকটত নাম উল্লেখ থকা বিষয়ববীয়া— শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনৰ সভাপতি ব্ৰজেন দাস, সম্পাদক ৰঞ্জিত গগৈ, খেল পৰিচালনা সমিতিৰ সভাপতি স্বৰূপ বৰগোহাঁই আৰু সম্পাদক দীপাঙ্কৰ কোঁৱৰৰ লগতে মঞ্চত শিশুক ব্যৱহাৰ কৰা সকলো শিক্ষক সমানে দোষী বুলি এজাহাৰত উল্লেখ কৰা হৈছে। এজাহাৰকাৰী তথা সচেতন ৰাইজে প্ৰশাসনৰ ওচৰত দাবী জনাইছে যে শিশুক এনে কাৰ্যত লিপ্ত কৰোৱা শিক্ষকসকলৰ বিৰুদ্ধে অতি শীঘ্ৰে উচিত তদন্ত কৰি দৃষ্টান্তমূলক আইনগত শাস্তি প্ৰদান কৰিব লাগে আৰু নৈতিক অধঃপতন ঘটা এনে শিক্ষকসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
অসম বিভাগৰ অধিক সংবাদ
অসম