মৰাণ গাঁৱত দুৰ্গা পূজাৰ আকৰ্ষণীয় আৰতী প্ৰতিযোগিতা সম্পন্ন
মৰাণ গাঁও সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা সমিতিৰ উদ্যোগত মহা-অষ্টমীৰ দিনা পৰম্পৰাগত আৰতী প্ৰতিযোগিতাখনি উলহ-মালহেৰে অনুষ্ঠিত হয়
মৰাণ গাঁৱত দুৰ্গা পূজাৰ আকৰ্ষণীয় আৰতী প্ৰতিযোগিতা সম্পন্ন
অসম জাতিৰ খবৰ, বিহমাৰী, ২০ অক্টোবৰ :মৰাণ গাঁও সাৰ্বজনীন শ্ৰীশ্ৰী দুৰ্গা পূজা সমিতিৰ উদ্যোগত মহা-অষ্টমীৰ দিনা পৰম্পৰাগত আৰতী প্ৰতিযোগিতাখনি উলহ-মালহেৰে অনুষ্ঠিত হয়। প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা এই প্ৰতিযোগিতাই অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত বিশেষ আকৰ্ষণ সৃষ্টি কৰি আহিছে।এইবাৰৰ প্ৰতিযোগিতাত মুঠ ৩৫ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। থানেশ্বৰী কুৰ্মী গঞ্জুৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটিত বিচাৰকৰ দায়িত্ব পালন কৰে হৰিপদ বিশ্বাস, ড০ বিজয় মণ্ডল আৰু শীলা দত্তই। প্ৰতিযোগিতাখনি তিনিটা শাখাত অনুষ্ঠিত হয়।ফলাফল অনুসৰি, (গ) শাখাত প্ৰথম শ্ৰীয়া বিশ্বাস, দ্বিতীয় লক্ষ্মী ভূমিজ আৰু তৃতীয় দীপ্তি বিশ্বাস; (খ) শাখাত প্ৰথম জোলন বিশ্বাস, দ্বিতীয় অঙ্কিতা কুমাৰী আৰু তৃতীয় জোনমণি ওৰাং; আনহাতে, (ক) শাখাত প্ৰথম বিপুল বিশ্বাস, দ্বিতীয় তনুকা বিশ্বাস আৰু তৃতীয় ৰিয়া পাল বিজয়ী হয়।অনুষ্ঠানত স্বপন পাল, বিজয় বৰুৱা ফুকন, সুজিত বিশ্বাস, প্ৰণৱ গঞ্জু, সুজন পাল, জগন্নাথ দাস, উপেন ভূমিজ আৰু অজিত মুদৈকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিজয়ীসকলক দুৰ্গা পাল, বিমল সিং, জগন্নাথ দাস, বিজয়া বৰুৱা, প্ৰদীপ পাল, সাধন বৰুৱা, দুৰ্গা দেৱী আৰু সত্যেন্দ্ৰ ঠাকুৰে পুৰস্কাৰ প্ৰদান কৰি উৎসাহিত কৰে। সমিতিৰ কৰ্মকৰ্তাসকলৰ সহযোগিতাত সফলভাৱে অনুষ্ঠিত প্ৰতিযোগিতাখনিৰ পুৰস্কাৰ বিতৰণীৰে সামৰণি পৰে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।