৯২ তম্ বৰ্ষত ভৰি দিলে নিজ লাওঁখোৱা বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে, ভক্তৰ ব্যাপক সমাগম
মগ্ৰ ৰাজ্যতে শাৰদীয় দুৰ্গোৎসৱৰ ব্যাপক উছাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে নগাঁও জিলাৰ ৰূপহীহাটৰ নিজ লাওঁখোৱা বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়েও উলহ-মালহেৰে পালন
৯২ তম্ বৰ্ষত ভৰি দিলে নিজ লাওঁখোৱা বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে, ভক্তৰ ব্যাপক সমাগম
অসম জাতিৰ খবৰ,ৰূপহীহাট, ২০ অক্টোবৰ: সমগ্ৰ ৰাজ্যতে শাৰদীয় দুৰ্গোৎসৱৰ ব্যাপক উছাহ-উদ্দীপনা দেখিবলৈ পোৱা গৈছে। ইয়াৰ মাজতে নগাঁও জিলাৰ ৰূপহীহাটৰ নিজ লাওঁখোৱা বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়েও উলহ-মালহেৰে পালন কৰিছে শাৰদীয় দুৰ্গোৎসৱ।এইবাৰ ৯২ তম্ বৰ্ষত ভৰি দিলে নিজ লাওঁখোৱা বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে। ৯২ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসেৰে এই পূজাই অঞ্চলটোত এক বিশেষ স্থান অধিকাৰ কৰি আহিছে।পূজা সমিতিৰ উদ্যোগত আটকধুনীয়াকৈ পূজা মণ্ডপ নিৰ্মাণ কৰি নানা ৰঙী আলোকসজ্জাৰে সুসজ্জিত কৰি তোলা হৈছে পূজা থলী। আকৰ্ষণীয় মণ্ডপ আৰু আলোকসজ্জা চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা বহু ভক্তৰ সমাগম হৈছে লাওঁখোৱাত।বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰ মাজেৰে লাওঁখোৱাত পূজা অনুষ্ঠিত হৈ আহিছে। আজি মহা নৱমী। মহা নৱমীৰ এই পবিত্ৰ সন্ধিয়াত পূজা সমিতিৰ তৰফৰ পৰা এক বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে।ঢাকৰ শব্দ, পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে। ভক্তিৰ ৰসত বুৰ গৈছে সমগ্ৰ লাওঁখোৱা অঞ্চল।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।