নিউজিলেণ্ডৰ বিশেষ পৰিকল্পনা! ভাৰতৰ ১৫ বছৰীয়া বিস্ময় বালক বৈভৱ সূৰ্যবংশীৰ শক্তি ৰোধৰ প্ৰস্তুতি
টি-২০ শৃংখলাৰ পূৰ্বে ভাৰতীয় যুৱ তাৰকাক লৈ বিশেষ অধ্যয়ন নিউজিলেণ্ডৰ, ঘৰুৱা পৰিৱেশত কঠিন প্ৰত্যাহ্বানৰ ইংগিত জেকব ডাফীৰ
নিউজিলেণ্ডৰ বিশেষ পৰিকল্পনা! ভাৰতৰ ১৫ বছৰীয়া বিস্ময় বালক বৈভৱ সূৰ্যবংশীৰ শক্তি ৰোধৰ প্ৰস্তুতি
টি-২০ শৃংখলাৰ পূৰ্বে ভাৰতীয় যুৱ তাৰকাক লৈ বিশেষ অধ্যয়ন নিউজিলেণ্ডৰ, ঘৰুৱা পৰিৱেশত কঠিন প্ৰত্যাহ্বানৰ ইংগিত জেকব ডাফীৰ
অসম জাতিৰ খবৰ, নিউজ ডেস্ক, ২০ অক্টোবৰ: ভাৰতীয় ক্ৰিকেটৰ উদীয়মান তাৰকা ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ বেটিং শক্তিক প্ৰতিহত কৰিবলৈ বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিছে নিউজিলেণ্ড ক্ৰিকেট দলে। আগন্তুক বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া পাঁচখনীয়া টি-২০ শৃংখলাৰ পূৰ্বে নিউজিলেণ্ডৰ পেচ বলাৰ জেকব ডাফীয়ে প্ৰকাশ কৰিছে যে সূৰ্যবংশীৰ খেলৰ ওপৰত তেওঁলোকে গভীৰভাৱে অধ্যয়ন কৰিছে।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল)ত বিধ্বংসী বেটিঙেৰে ধাৰাবাহিকভাৱে অভিলেখ গঢ়ি বিশ্ব ক্ৰিকেটৰ দৃষ্টি আকৰ্ষণ কৰা সূৰ্যবংশীয়ে যোৱা জুলাই মাহত ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাত অভিষেক ঘটাই ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ কনিষ্ঠতম আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছিল। পৰৱৰ্তী সময়ত জিম্বাব’ৱেৰ বিৰুদ্ধে মাত্ৰ ১৮টা বলত অৰ্ধশতক অৰ্জন কৰি পুৰুষৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আটাইতকৈ কম বয়সতে অৰ্ধশতক অৰ্জনৰ অভিলেখ গঢ়িছিল।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।
ৰাষ্ট্ৰীয় বিভাগৰ অধিক সংবাদ
ৰাষ্ট্ৰীয়
মক্কাৰ মছজিদত অনৈতিক কাৰ্যৰ অভিযোগত দুই বাংলাদেশীৰ মৃত্যুদণ্ড, ছৌদি আৰৱৰ বিৰুদ্ধে ক্ষোভ
ৰাষ্ট্ৰীয়
ভাৰত ভ্ৰমণত মাৰ্কো ৰুবিঅ’ — এছ জয়শংকৰ আৰু ইউএইৰ উপ-প্ৰধানমন্ত্ৰীৰ সৈতে ত্ৰিপাক্ষিক বৈঠকক লৈ কূটনৈতিক তৎপৰতা
ৰাষ্ট্ৰীয়