আইপিএলত ৪০ কোটি টকাৰ ৰিটেনচন ফীৰ দাবী শীৰ্ষ খেলুৱৈৰ!
২০২৮ চনৰ মেগা নিলামৰ পূৰ্বে ফ্ৰেঞ্চাইজিসমূহৰ ওপৰত নতুন চাপ। ঋষভ পণ্টৰ ২৭ কোটিৰ অভিলেখ ভংগৰ সম্ভাৱনা।
অসম জাতিৰ খবৰ, ক্ৰীড়া ডেস্ক, ৬ নৱেম্বৰঃ
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ত খেলুৱৈৰ পাৰিশ্ৰমিকক লৈ নতুন চৰ্চাৰ সৃষ্টি হৈছে। আগন্তুক ২০২৮ চনৰ মেগা নিলামৰ পূৰ্বে কেইবাগৰাকীও আগশাৰীৰ খেলুৱৈয়ে নিজৰ দলত থাকিবলৈ ৪০ কোটি টকাৰ ৰিটেনচন ফীৰ দাবী উত্থাপন কৰা বুলি ‘ক্ৰিকবাজ’ৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।
প্ৰতিবেদন অনুসৰি, শীৰ্ষ পৰ্যায়ৰ কেইবাগৰাকীও খেলুৱৈয়ে নিজ নিজ ফ্ৰেঞ্চাইজিক জনাইছে যে ৪০ কোটি টকা পাৰিশ্ৰমিক প্ৰদান কৰিলে তেওঁলোকে দলত থাকিবলৈ আগ্ৰহী। নিলামত অধিক মূল্য লাভৰ সম্ভাৱনা থকা খেলুৱৈসকলেও এনে দাবী উত্থাপন কৰিব পাৰে বুলি প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে।
উল্লেখ্য যে, আইপিএলৰ ইতিহাসত ৪০ কোটি টকাৰ পাৰিশ্ৰমিক এতিয়ালৈকে অভূতপূৰ্ব। ২০২৫ চনৰ আইপিএল নিলামত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ঋষভ পণ্টক ২৭ কোটি টকাত ক্ৰয় কৰিছিল। বৰ্তমানলৈকে নিলামত এজন খেলুৱৈৰ বাবে কোনো এটা ফ্ৰেঞ্চাইজিয়ে ব্যয় কৰা এয়াই সৰ্বাধিক ধন।
বৰ্তমান প্ৰতিটো দলৰ মুঠ নিলামৰ ধনৰ পৰিমাণ ১২০ কোটি টকা। অৱশ্যে ২০২৮ চনৰ মেগা নিলামৰ পূৰ্বে এই পৰিমাণ প্ৰায় ১৫০ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
ইফালে, আইপিএল ২০২৭ৰ মিনি নিলামৰ পূৰ্বে ১০টা ফ্ৰেঞ্চাইজিয়ে নিজৰ খেলুৱৈ ৰখা আৰু মুকলি কৰি দিয়াৰ তালিকা চূড়ান্ত কৰাৰ সময়সীমা দুদিন বৃদ্ধি কৰি ১৭ নৱেম্বৰ কৰা হৈছে। অহা ১৬ ডিচেম্বৰত গোৱাত অনুষ্ঠিত হ’ব খেলুৱৈৰ নিলাম।
ইতিমধ্যে নিলামৰ পূৰ্বে দুটা খেলুৱৈৰ সালসলনি সম্পন্ন হৈছে। দিল্লী কেপিটেলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ পৰা প্ৰাক্তন অধিনায়ক ঋষভ পণ্টক পুনৰ দললৈ আনিছে। ইয়াৰ বিনিময়ত বাঁওহতীয়া ৰিষ্ট স্পিনাৰ কুলদীপ যাদৱ লক্ষ্ণৌ দললৈ গৈছে।
আন এটা সালসলনিত দিল্লী কেপিটেলছে ফাষ্ট বলাৰ টি নটৰাজনক ছানৰাইজাৰ্ছ হায়দৰাবাদলৈ প্ৰেৰণ কৰাৰ বিপৰীতে লেগ স্পিনাৰ জিশান আনছাৰীক নিজৰ দললৈ আনিছে।
সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।