🔴 ব্ৰেকিং নিউজ
প্ৰথম পৃষ্ঠা › উত্তৰ-পূব › অৰুণাচলৰ ৰাজধানীত আংশিক বন্ধ, ছিয়াং প্ৰকল্পৰ আ...
উত্তৰ-পূব

অৰুণাচলৰ ৰাজধানীত আংশিক বন্ধ, ছিয়াং প্ৰকল্পৰ আটকাধীন লোকৰ মুক্তিৰ দাবী

ড্ৰাগছ পৰীক্ষাগাৰ আৰু ফাৰ্মাচী খণ্ডৰ সংস্কাৰৰ লগতে ৪১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত ১২ ঘণ্টীয়া বন্ধ।

অৰুণাচলৰ ৰাজধানীত আংশিক বন্ধ, ছিয়াং প্ৰকল্পৰ আটকাধীন লোকৰ মুক্তিৰ দাবী

অসম জাতিৰ খবৰ, ইটানগৰ, ৪ নৱেম্বৰঃ

চৰকাৰে দাবীসমূহ পূৰণ নকৰাৰ অভিযোগ তুলি পাব্লিক ৰাইট একচন কমিটিয়ে বুধবাৰে অৰুণাচল প্ৰদেশৰ ইটানগৰ ৰাজধানী অঞ্চলত ১২ ঘণ্টীয়া বন্ধৰ আহ্বান জনায়। পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ আহ্বান জনোৱা বন্ধৰ ফলত ৰাজধানী অঞ্চলৰ একাংশত স্বাভাৱিক জনজীৱন ব্যাহত হয়।

কমিটিৰ সভাপতি টাকাম ছোনিয়াৰ নেতৃত্বত আহ্বান জনোৱা এই বন্ধক ইটানগৰ ৰাজধানী কমপ্লেক্সৰ জিলা দণ্ডাধীশ টোকো বাবুৱে অবৈধ আৰু আইনবিৰোধী ঘোষণা কৰিছিল। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত এই নিৰ্দেশ জাৰি কৰি বন্ধ বলৱৎ কৰাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ কথাও উল্লেখ কৰা হয়।

জিলা প্ৰশাসনে ইটানগৰ আৰু নাহৰলগুনৰ আৰক্ষী অধীক্ষকক আইন-শৃংখলা বজাই ৰখা, দোকান-পোহাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বলপূৰ্বক বন্ধ কৰাত বাধা দিয়া আৰু নিৰ্দেশ উলংঘাকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

কমিটিৰ দাবীসমূহৰ ভিতৰত ছিয়াং আপাৰ মাল্টিপাৰপাছ প্ৰকল্পক কেন্দ্ৰ কৰি আটকাধীন লোকসকলক তাৎক্ষণিকভাৱে মুকলি কৰা, ড্ৰাগছ পৰীক্ষাগাৰ কাৰ্যক্ষম কৰা আৰু ফাৰ্মাচী খণ্ডত অধিক স্বচ্ছতা তথা সংস্কাৰ সাধন কৰা অন্যতম।

ইয়াৰ উপৰি ৪১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিকে ধৰি দীৰ্ঘদিন ধৰি বাকী থকা ঘাইপথ সম্পৰ্কীয় সমস্যাসমূহৰ সমাধানৰ বাবেও কমিটিয়ে চৰকাৰৰ পৰা সুনিৰ্দিষ্ট আশ্বাস আৰু ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

প্ৰশাসনে বন্ধ অবৈধ ঘোষণা কৰাৰ পিছতো ৰাজধানী অঞ্চলৰ বিভিন্ন স্থানত আংশিকভাৱে বন্ধ পালন কৰা হয়।

🗞️ ছপা সংস্কৰণ আৰু ই-বাতৰি
এই বাতৰি আজিৰ সম্পূৰ্ণ ৮ পৃষ্ঠাৰ ডিজিটেল ই-বাতৰিত পঢ়ক

সম্পূৰ্ণ সংবাদপত্ৰৰ ৰূপত আল্ট্ৰা-এইচডি জুম আৰু PDF ডাউনলোড সুবিধা।

এই সংবাদ শ্বেয়াৰ কৰক:
WhatsApp X (Twitter) Facebook

উত্তৰ-পূব বিভাগৰ অধিক সংবাদ